16 C
Guwahati
Friday, December 3, 2021
More

    কেতিয়া ঘোষণা কৰিব নতুন SOP? বঙাইগাঁৱত ক’লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই

    কেতিয়া ঘোষণা কৰিব নতুন SOP? বঙাইগাঁৱত ক’লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই

    যদিহে ৰাজ্যখনত ক’ভিডৰ তৃতীয় ঢৌৰ সক্ৰমণ ঘটে তেন্তে তাৰ মুখামুখি হ’বলৈ ৰাজ্য চৰকাৰ সাজু আছে। আজি বঙাইগাঁৱত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এইদৰে কয়।

    তেওঁ কয় যে ক’ভিডৰ তৃতীয় ঢৌৰ মুখামুখি হ’ব পৰাকৈ ইতিমধ্যে ৰাজ্যৰ মেডিকেল কলেজ কেইখন আৰু জিলাৰ অসামৰিক চিকিৎসালয় সমূহ সাজু কৰি ৰখা হৈছে।

    ‘প্ৰতিখন মেডিকেল কলেজ আৰু জিলাৰ অসামৰিক চিকিৎসালয়ত প্ৰয়োজন হ’ব পৰা অক্সিজেন মজুত ৰখাৰ ব্যৱস্থা কৰা হৈছে’, কেশৱ মহন্তই কয়।

    সমান্তৰালভাৱে টেকনিচিয়ান সকলকো প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে চিকিৎসক আৰু নাৰ্চ সকলোকো সাজু কৰি ৰখা হৈছে বুলি উল্লেখ কৰে।

    ইফালে নতুনকৈ ক’ভিড এছ অ’ পি কেতিয়া ঘোষণা কৰিব বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী মহন্তই কয় যে অহা ১ অক্টোবৰৰ পূৰ্বে ঘোষণা কৰা হ’ব।

    আনহাতে প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয় সমূহ ১ অক্টোবৰৰ পৰা নোখোলে বুলি মন্তব্য কৰি পৰ্যায়ক্ৰমেহে বিদ্যালয় সমুহ খুলি দিয়া হ’ব বুলি উল্লেখ কৰে স্বাস্থ্যমন্ত্রী গৰাকীয়ে।

    আজি মন্ত্ৰী কেশৱ মহন্ত আৰু অগপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীৰ জ্যেষ্ঠ ভাতৃৰ গৃহত উপস্থিত হৈ এই মন্তব্য কৰে।

    উল্লেখ্য যে কিছুদিন পূৰ্বে অগপৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰীৰ জ্যেষ্ঠ ভাতৃ সুবোধ চৌধুৰীৰ মৃত্যু হয় আৰু তাৰে খবৰ ল’বলৈ আজি বঙাইগাঁৱত উপস্থিত হৈছিল অগপৰ দুয়োগৰাকী জ্যেষ্ঠ নেতা।

    ইনপুট : উত্তম কুমাৰ বৰ্মণ

    আৰু পঢ়ক : চৰকাৰৰ গাফিলতিত শোকাৱহ ঘটনা, খান্দি থোৱা গাঁতত পৰি কৰুণ মৃত্যু কনমানিৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং