19 C
Guwahati
Wednesday, December 1, 2021
More

    বতৰৰ পৰিৱৰ্তন, ধাৰাসাৰ বৰষুণত এজনৰ মৃত্যু, ভূমিস্খলনত ১২ জন সন্ধানহীন

    বতৰৰ পৰিৱৰ্তন, ধাৰাসাৰ বৰষুণত এজনৰ মৃত্যু, ভূমিস্খলনত ১২ জন সন্ধানহীন

    বাৰিষা প্ৰায় শেষ হৈছে। ইয়াৰ পিছতো কিন্তু দেশৰ কিছু কিছু অংশত অব্যাহত আছে বৰষুণ। আজি কেৰালাৰ তিৰুৱন্তপুৰম, ইডুক্কিকে ধৰি কেইবাখনো জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰচুৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা গৈছে।

    বৰষুণৰ লগতে অঞ্চল কেইটাত হোৱা ভূমিস্খলনৰ ফলত এজন লোক নিহত হোৱাৰ লগতে অন্য ১২ জন লোক সন্ধানহীন হৈ আছে।

    ধাৰাসাৰ বৰষুণৰ ফলত ইডুক্কিৰ থোডাপুঝাত এজন লোকৰ মৃত্যু হৈছিল। ইফালে, কোট্টায়ামত ভূমিস্খলনৰ ফলত ১২ জন লোক সন্ধানহীন হয়।

    আৰক্ষী আৰু উদ্ধাৰ অভিযানকাৰী দলে এতিয়াও ঘটনাস্থলত উপস্থিত হ’বলৈ সক্ষম হোৱা নাই।

    ইফালে বতৰ বিভাগেও ৰাজ্যখনৰ আন বহুতো ঠাইত প্ৰৱল বৰষুণ হোৱাৰ ভৱিষ্যতবাণী কৰিছে।

    ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত, ত্ৰিচুৰ জিলাৰ পাটানমিথিট্টা, কোট্টায়াম, এনাৰকুলাম, ইডুক্কি, ত্ৰিচুৰ জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে।

    আনহাতে তিৰুৱন্তপুৰম, কোল্লাম, আলাপুঝা, পালাক্কাড, মালাপ্পুৰম, কোজিকোড আৰু ৱায়ানাড জিলাৰ বাবে অৰেঞ্জ সতৰ্কবাণী জাৰি কৰিছে।

    আৰু পঢ়ক : আলফা(স্বা) সদস্য হিমালয় অসমৰ আত্মসমৰ্পণ, পত্নীসহ সন্তানক এৰি থৈ আহে ম্যানমাৰত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং