হায় মানৱতা! গৰ্ভৱতী হাতীক ফটকা ভৰাই খুৱালে আনাৰস আৰু তাৰ পিছত…

এই ঘটনাটো সংঘটিত হৈছে উত্তৰ কেৰালাৰ মলপ্পুৰম জিলাত। এগৰাকী বন বিষয়াই নিজৰ ফেচবুক পেজেৰে এই ঘটনাটোৰ বিষয়ে জনাইছিল

0
119

কেৰালাত জন্তুৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ এক লজ্জাজনক ঘটনা সংঘটিত হৈছে। দৰাচলতে শনিবাৰে এটা গৰ্ভৱতী হাতীয়ে কৰুণ মৃত্যুক সাৱটি লয়।

তথ্য অনুসৰি কেইজনমান স্থানীয় লোকে হাতীটোক আনাৰসত ফটকা ভৰাই খুৱাইছিল।

আনাৰসটো মাইকী হাতীটোৰ মুখতে বিস্ফোৰণ ঘটে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বুধবাৰে সংঘটিত হৈছিল এই ঘটনাটো।

এই ঘটনাটো সংঘটিত হৈছে উত্তৰ কেৰালাৰ মলপ্পুৰম জিলাত। এগৰাকী বন বিষয়াই নিজৰ ফেচবুক পেজেৰে এই ঘটনাটোৰ বিষয়ে জনাইছিল।

বন বিষয়া মোহন কৃষণে নিজৰ ফেচবুক পেজত এই ঘটনাটোৰ বিষয়ে পোষ্ট কৰিছিলআৰু কৈছিল এই মাইকী হাতীটোৱে খাদ্যৰ সন্ধানত জংগলৰে কাষত থকা এখন গাঁৱত প্ৰৱেশ কৰিছিল।

গলিয়ে গলিয়ে ঘূৰি ফুৰিছিল হাতীটো। ইয়াৰ পিছত কেইজনমান লোকে হাতীটোক ফটকা ভৰাই আনাৰস খুৱাইছিল।

হাতীটোৰ মুখতে ফটকা বিস্ফোৰণ হৈছিল আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল হাতীটো। ইয়াৰ পিছতো হাতীটোৱে গাঁৱৰ কোনো লোকক কোনোধৰণৰ ক্ষতি কৰা নাছিল।

হাতীটো বহুত নম্ৰ স্বভাৱৰ আছিল। লগতে বন বিষয়াজনে লিখিলে যে, হাতীটো যথেষ্ট আঘাত প্ৰাপ্ত হৈছিল যাৰ বাবে একো খাব পৰা নাছিল।

খাদ্যৰ সন্ধানত হাতীটো বেল্লিয়াৰ নদীত নামিছিল আৰু নদীৰ পানীত নিজৰ মুখখন গুজি দি থিয় হৈ আছিল।

কিছু প্ৰশান্তি লাভৰ বাবে হয়টো পানীত মুখখন গুজি দিছিল মাইকী হাতীজনীয়ে।

মাইকী হাতীজনীৰ খবৰ পোৱা মাত্ৰকেই বন বিভাগৰ কৰ্মচাৰী উদ্ধাৰ কৰিবলৈ সেই স্থানত উপস্থিত হৈছিল।

যথেষ্ট চেষ্টাৰ পিছতহে হাতীজনীক পানীৰ পৰা বাহিৰলৈ ওলাই অনা হৈছিল কিন্তু শনিবাৰে হাতীজনীৰ মৃত্যু হৈছিল।

Photo credit: ndtv.com