
বাস্তু শাস্ত্র হৈছে ভাৰতৰ প্ৰাচীন বিধিবোৰৰ ভিতৰত এটা অন্যতম বিধি যত এজন ব্যক্তিৰ জীৱন সহজ আৰু সুখী কৰাৰ বাবেই গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়া হয়।
বাস্তু শাস্ত্রত কেৱল নিৰ্মাণ সম্পর্কীয় নিয়মবোৰ কেৱল উল্লেখ কৰায় নহয়। আমাৰ নিত্য ব্যবহার্য কৰা সৰু সৰু বস্তু কত কিদৰে ৰাখিব তাৰো পৰামৰ্শ দিয়া হয়।
১/ডাষ্টবিন বা আৱৰ্জনাৰ দম-
ঘৰৰ মূল দুৱাৰৰ সন্মুখত যাতে আৱৰ্জনা বা লেতেৰা পানী নাথাকে, তাৰ বাবে বিশেষ যত্ন লব লাগে। কিছুলোকে ডাষ্টবিনটো মূল দুৱাৰৰ সন্মুখতে ৰাখে। এনে কাৰ্য্য বাস্তু শাস্ত্র বাবে উপযুক্ত নহয়।
২/দুৱাৰমুখৰ কাষৰ ৰাস্তা-
বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ মুখ্য দুৱাৰৰ ৰাস্তাটো উচ্চ হলে শুদ্ধ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত ঘৰত বাস কৰা লোকসকলৰ জীৱনত উথান পতন হয়। জীৱনত অসুবিধা আহিবলৈ ধৰে।
৩/বৈদুত্যিক খুটা-
বাস্তু শাস্ত্ৰত বৈদ্যুতিক খুটা ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত থাকিলে ঘৰৰ প্ৰগতিৰ বাবে বাধা বুলি গণ্য কৰা হয়। বাস্তুৰ মতে ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত থকা খুটা বা গছৰ ফলত শিশুৰ ৰোগ হব পাৰে। বাস্তু নিয়ম অনুসৰি ঘৰৰ প্ৰৱেশ দুৱাৰৰ সন্মুখত কোনো ধৰণৰ অৱৰোধ কৰিব নালাগে।
৪/ভঙা ঘৰৰ বা দোকান-
বাস্তু নিয়ম অনুযায়ী, ঘৰৰ মুখ্য গেটৰ সন্মুখত ভঙা ঘৰ বা ভঙা দোকান থকাটো অশুভ বুলি গণ্য কৰা হয়। ই ঘৰলৈ দৰিদ্ৰতা আনি দিয়ে। একে সময়তে মানুহৰ শৰীৰ দুৰ্বল কৰি দিয়ে। উদ্বিগ্নতা আৰু অস্হিৰতাও সৃষ্টি কৰে।
৫) ঘৰৰ বাহিৰত অন্ধকাৰ-
যদি আপোনাৰ ঘৰৰ ওচৰত বা মূল গেটত সদায় আন্ধাৰ হৈ থাকে, তেন্তে ই বাস্তুৰ মতে অতি অশুভ। ই ঘৰলৈ ৰোগ, দৰিদ্ৰতা আৰু নেতিবাচক আনি দিয়ে। সমাজতো তেওঁলোকে বহুবাৰ অপমানিত হব লগা হয়।