পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

0
179
বছৰৰ প্ৰথমটো মাহতেই কাজিৰঙাত গঁড় হত্যা, পুনৰ খৰ্গহীন মৃত গঁড় উদ্ধাৰ
প্ৰতীকি ফটো

পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আজি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ২০২১-২২ পৰ্যটন বৰ্ষ সমাপ্ত ঘোষণা কৰে।

২০২১-২২ পৰ্যটন বৰ্ষটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিলে মুঠ ২৫৫৬৭৬ গৰাকী পৰ্যটকে।

ইয়াৰে ১৬৮৭ গৰাকী বিদেশী পৰ্যটকে দৰ্শন কৰিলে কাজিৰঙাৰ মনোমোহা দৃশ্য।

পূৰ্বৰ সকলো অভিলেভ ভংগ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ২০২১-২২ পৰ্যটন বৰ্ষত সংগ্ৰহ কৰিলে ৬,২৪,০৮,৬৫৪ টকা ৰাজহ।