
বিগত বৰ্ষৰ ২ অক্টোবৰত আৰম্ভ হোৱা কাজিৰঙাৰ ২০২২-২০২৩ পৰ্যটন বৰ্ষৰ পাঁচমাহত কাজিৰঙালৈ আগমন ঘটিল ২ লাখ ৪০ হাজাৰ ৯২ গৰাকী দেশী-বিদেশী পৰ্যটকৰ।
সংগ্ৰহ হোৱা ৰাজহৰ পৰিমান ৫ কোটি ৯৭ লাখ ২৯ হাজাৰ ৪৮০ টকা। সাংবাদিৰ আগত এই তথ্য প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই।
তুলনামূলক ভাৱে বিগত বৰ্ষত পৰ্যটৰ সংখ্যা আছিল ২ লাখ ৩৬ হাজাৰ আৰু ৰাজহ সংগ্ৰহ হৈছিল ৫ কোটি ৪৩ লাখ টকা।
আনহাতে বিগত পৰ্যটন বৰ্ষত ৯৬৬ গৰাকী বিদেশী পৰ্যটকৰ আগমন হোৱাৰ বিপৰীতে চলিত পৰ্যটন বৰ্ষৰ পাঁচ মাহত কাজিৰঙালৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা ৭ হাজাৰ ১২৬ গৰাকী।
বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটক কাজিৰঙালৈ আহিছে যদিও ছুইজাৰলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ পৰ্যটকৰ সংখ্যা যথেষ্ট বেছি বুলি মন্তব্য কৰে সঞ্চালক গৰাকীয়ে।
আনহাতে নদী পৰ্যটনেও সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত। ইতিমধ্যে বহুকেইখন ৰিভাৰ ক্ৰুজৰ চলাচল আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰত। যাৰ বাবে বিশ্বনাথৰ পৰ্যটনতো আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে।
ইনপুট : কিষান চেত্ৰী