29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    সাৱধান! কাজিৰঙাৰ মাজেৰে দ্ৰুত গতিত গাড়ী চলালে ভৰিব লাগিব ৫,০০০ টকাৰ জৰিমণা

    এতিয়াৰে পৰা কাজিৰঙাৰ মাজেৰে যাওঁতে সাৱধান হব লাগিব আপুনি।দ্ৰুত গতিত গাড়ী চলালে ভৰিব লাগিব পাঁচ হাজাৰ টকাৰ জৰিমনা।

    সমাগত সাম্ভাৱ্য বানৰ বাবে আগতিয়াকৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ।১৫ কোটি টকা ব্যয় সাপেক্ষে এনিমেল কৰিদৰ সমুহত বন বিভাগে ৰাষ্ট্ৰীয় ঘাইপথত কেমেৰা স্থাপনৰ বাবে কেইবাটাও নতুন বৃহৎ তোৰণ।

    কাজিৰঙাৰ ৰাজপথৰ এনিমেল কৰিডটৰত এতিয়া নতুনকৈ অত্যাধুনিক চেন্সৰ কেমেৰা স্থাপন কৰা হৈছে যাৰ কাম ইতিমধ্যে ৯০% সম্পুৰ্ণ হৈছে ৷ সমাগত বানৰ সময় আৰু‌ এই বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সমূহ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণে থকা ‌কাৰ্বি পাহাৰলৈ ধাপলি মেলে তেনে সময়চোৱাত দ্ৰুত গতিত অহা যানবাহনৰ খুন্দাত বহু বন্যজন্তুৰ মৃত্যু হয় বাবে বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগে ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এনিমেল কৰিদৰত স্থাপন কৰিছিল চেন্সৰ কেমেৰা।

    কাজিৰঙাত বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাই পথত গাড়ীৰ গতি বেগ নিৰীক্ষণ কৰাৰ উদ্দেশ্যে লৈ স্থাপন কৰা হৈছিল কেমেৰা। বিগত বানৰ সময়ত প্ৰায় ছশতকৈও অধিক বাহনক জৰিমনা বিহিছিল সেই চেন্সৰ কেমেৰাৰ জৰিয়তে।

    এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ অঞ্চলৰ পৰা পানবাৰীলৈকে প্ৰায় ১৫ কোটি টকা ব্যয় সাপেক্ষে এনিমেল কৰিদৰ সমুহত বন বিভাগে ৰাষ্ট্ৰীয় ঘাইপথত কেমেৰা স্থাপন কৰাৰ লগতে নিৰ্মান কৰিছে কেইবাখনো নতুন বৃহৎ তোৰণ।

    সাতটা স্থানত কেমেৰা স্থাপনৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৰাষ্ট্ৰীয় ঘাই পথত দ্ৰুত বেগী যান বাহনক নাকী লগাবলৈ সক্ষম হব বুলি জানিবলৈ দিছে উদ্যান কৰ্তৃপক্ষই ৷ সঞ্চালকগৰাকীয়ে কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাষেৰে যাওঁতে প্ৰতি ঘণ্টাত চলিশ কিলোমিটাৰকৈ অধিক গতিত গাড়ী চলালেই জৰিমনা বিহা হ’ব।

    ইফালে সমাগত সাম্ভাৱ্য বানৰ বাবে আগতিয়াকৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বানৰ সময়ত বন্যপ্ৰাণীয়ে আশ্ৰয় লোৱাৰ লগতে বনকৰ্মীয়ে কৰ্তব্য পালন কৰিব পৰাকৈ নিৰ্মাণ কৰিছে হাইলেণ্ড কাম ৰ’ড ৷

    Photo and input;কিষাণ ছেত্ৰী।

    আৰু পঢ়ক : কৰ’ণাৰ ভয়াবহতাৰ মাজতে আশাৰ বতৰা! ঢকুৱাখনাৰ শ শ মহিলা ব্যস্ত মুগা পালনত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং