
কেৰৰিনা কাইফ আৰু বিকি কৌশলে আজি সামাজিক মাধ্যম যোগে শ্বেয়াৰ কৰে এক ফটো। লগতে সেই ফটোৰ কেপচনত দিয়ে এক বিশেষ বাৰ্তা। যি বাৰ্তা পোৱাৰ পিছৰে পৰা অনুৰাগীৰ শুভেচ্ছা বাণীৰে ভৰি পৰিছে দুয়ো তাৰকালৈ।
দুয়ো একেবাৰে সাধাৰণ তথা প্ৰেমৰ বান্ধোনত বান্ধ খাই থকা এখন সুন্দৰ ফটো শ্বেয়াৰ কৰে ইন্টাগ্ৰামত। লগতে ‘এটা মাহৰ শুভেচ্ছা’ বুলি লিখা কেপচন দিয়ে। অর্থাৎ আজি বিবাহৰ এটা মাহ সম্পূৰ্ণ হল বিক্ট্ৰিনাৰ বিবাহৰ।

আজিৰ তাৰিখতে ২০২১ বৰ্ষৰ ডিচেম্বৰত বিবাহ বান্ধোনত আৱদ্ধ হৈছিল বলীউডৰ অন্যতম তাৰকা যুটিয়ে। যাৰ বাবে কেটৰিনাই ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰি বিকিক শুভেচ্ছা বাণী দিয়ে। লগে লগে অনুৰাগী সকলৰো শুভেচ্ছা বাণীৰে ভৰি পৰে ইনষ্টাগ্ৰাম।
উল্লেখ্য যে, বিগত মাহৰ ৭-৮-৯ তাৰিখে তিনিদিনিয়া কাৰ্যসুচীৰে ৰাজস্থানত বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছিল দুয়ো তাৰকাৰ। বিবাহৰ পূৰ্বলৈকে প্ৰেমৰ কথাও ৰাজহুৱা কৰা নাছিল তাৰকাদ্বয়ে।
আৰু পঢ়ক : পুনৰ অনা-অসমীয়াৰ আক্ৰমণ খিলঞ্জীয়াৰ ওপৰত, গোলাঘাটত নিশা চাঞ্চল্যকৰ ঘটনা