16 C
Guwahati
Friday, January 21, 2022
More

    কেট্ৰিনা-বিকিৰ বিয়া! অতিথিয়ে পালন কৰিব লাগিব বিশেষ নিয়ম, থাকিব চিক্ৰেট ক’ড

    কেট্ৰিনা-বিকিৰ বিয়া! অতিথিয়ে পালন কৰিব লাগিব বিশেষ নিয়ম, থাকিব চিক্ৰেট ক’ড

    বৰ্তমান সময়ত বলিউডত বিশেষ চৰ্চিত খবৰটো হৈছে কেট্ৰিনা কাইফ আৰু বিকী কৌচলৰ বিয়া। খবৰ অনুসৰি দুয়োৰে বিয়াৰ অনুষ্ঠান ৭ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰ পৰ্যন্ত চলিব। ইয়াৰ বাবে ৰাজস্থানৰ সবাই মাধোপুৰস্থিত ফৰ্ট বৰবাড়াত বিয়াৰ প্ৰস্তুতি চলি আছে।

    উল্লেখ্য যে, কেট্ৰিনা আৰু বিকিয়ে তেওঁলোকৰ বিয়া সম্পূৰ্ণৰূপে ব্যক্তিগত কৰি ৰাখিব বিচাৰে যাৰ বাবে বৰ্তমানলৈ তেওঁলোকে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য কৰা নাই। খবৰ অনুসৰি তেওঁলোকৰ বিয়াত প্ৰায় ১২০ গৰাকী অতিথি থাকিব। তেওঁলোকৰ বিয়াত সুৰক্ষা প্ৰদান কৰাৰ বাবে প্ৰশাসনেও বিভিন্ন ব্যৱস্থা হাতত লোৱা দেখা যায়।

    বিয়াত অতিথি সকলৰ বাবে কিছুমান বিশেষ নিয়ম জাৰি কৰিছে। অতিথি সকলে ক’ভিড প্ৰট’ক’ল মানি চলিব লাগিব। অতিথি সকলে দুয়োটা ক’ভিড ভেকচিনৰ ড’জ লোৱা হ’ব লাগিব আৰু কৰ’ণাৰ নিগেটিভ ৰিপোৰ্ট থাকিব লাগিব। এই দুয়োটা নিয়ম পালন কৰাটো অত্যন্ত জৰুৰী।

    উল্লেখ্য যে, অতিথি সকলৰ বাবে থাকিব বিশেষ নম্বৰ। অৰ্থাত বিবাৰ অনুষ্ঠানত প্ৰৱেশ কৰাৰ  সময়ত পূৰ্বতে দিয়া গোপন নম্বৰ অৰ্থাত চিক্ৰেট ক’ড ক’ব লাগিব। এই ক’ড বিয়াৰ বাবে আমন্ত্ৰণ জনোৱাৰ সময়তে দিয়া হ’ব। এই ক’ড দিয়াৰ পিছতহে অতিথি বিবাহস্থলীত উপস্থিত হ’ব পাৰিব।

    আৰু পঢ়ক : গুৱাহাটীৰ প্ৰখ্যাত ব্যৱসায়ী অভিজিৎ গোস্বামীৰ আত্মহত্যা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং