কাশ্মীৰত পুনৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত ৩৬ বছৰীয়া কাশ্মীৰি পণ্ডিতক গুলীয়াই হত্যা

0
2607

কাশ্মীৰত পুনৰ এগৰাকী কাশ্মীৰি পণ্ডিতক নৃশংসভাৱে হত্যা কৰা হৈছে।

কাশ্মীৰৰ কুলগাম জিলাৰ গোপালপোৰাৰ এখন হাইস্কুলত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত কাশ্মীৰি পণ্ডিতগৰাকীক মঙলবাৰে অচিনাক্ত সন্ত্ৰাসাদীয়ে গুলীয়াই হত্যা কৰে।

কাশ্মীৰ জ’ন আৰক্ষীয়ে কাশ্মীৰি পণ্ডিতগৰাকীক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰাৰ কথা প্ৰকাশ কৰে।

সন্ত্ৰাসবাদীৰ গুলীত মৃত্যু হোৱা কাশ্মীৰি শিক্ষয়িত্ৰী গৰাকী ৩৬ বছৰীয়া ৰজনী বালা বুলি চিনাক্ত কৰা হয়।

ৰজনী বালা জম্মুৰ চাম্বাৰ বাসিন্দা আছিল।

ইপিনে, এই বৰ্বৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা সন্ত্ৰাসবাদীক অতি শীঘ্ৰে বিচাৰি উলিয়াই কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলিও জম্মু-কাশ্মীৰ আৰক্ষীয়ে মন্তব্য প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, বিবেক অগ্নিহোত্ৰীৰ কাশ্মীৰ ফাইলছ নাম চলচ্চিত্ৰখনে মুক্তি লাভ কৰাৰ পাছতে ভাৰতত পুনৰ কাশ্মীৰত কাশ্মীৰি পণ্ডিতক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল।