কাশ্মীৰত সন্ত্ৰাসবাদীয়ে হত্যা কৰা শিক্ষয়িত্ৰীৰ নামেৰে নামাকৰণক কৰা হ’ব বিদ্যালয়

0
19
প্ৰতিকী ফটো

জম্মু-কাশ্মীৰত কিছুদিন পূৰ্বে সন্ত্ৰাসবাদীয়ে এগৰাকী কাশ্মীৰি পণ্ডিত শিক্ষয়িত্ৰীক গুলীয়াই হত্যা কৰিছিল।

সন্ত্ৰাসবাদীয়ে নিৰ্দোষী কাশ্মীৰি পণ্ডিত শিক্ষয়িত্ৰী গৰাকীক বৰ্বৰভাৱে হত্যা কৰাৰ পাছতে সমগ্ৰ কাশ্মীৰ উপত্যকাত পুনৰ উত্তেজনাই বিৰাজ কৰিছিল।

জম্মু-কাশ্মীৰৰ কুলগামত উক্ত বৰ্বৰ হত্যাকাণ্ড সংঘটিত হৈছিল।

শিক্ষয়িত্ৰী গৰাকীয়ে কুলগামৰ গোপালপোৰা চৰকাৰী হাইস্কুলত কৰ্মৰত হৈ আছিল।

শিক্ষয়িত্ৰী গৰাকাকী সন্ত্ৰাসবাদীয়ে হত্যা কৰাৰ পাছতে জম্মু-কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহাই মৃত্যু হোৱা শিক্ষয়িত্ৰী গৰাকীৰ নামেৰে তেওঁ কাম কৰা বিদ্যালয়খনৰ নামাকৰণ কৰা হব বুলি উল্লেখ কৰে। “মই শিক্ষয়িত্ৰী গৰাকীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰিছো আৰু পৰিয়ালৰ লোকৰ দাবীৰ ভিত্তিতে পৰ্যায়ক্ৰমিকভাৱে সকলো দাবী পুৰণ কৰা হ’ব,” মনোজ সিনহাই এইদৰে কয়।