23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বলীউডৰ পৰা আহিছে বছৰটোৰ সকলোতকৈ ডাঙৰ খবৰ, ধৰ্মা প্ৰডাকছনৰ পৰা ব্লেকলিষ্টেড কাৰ্তিক আৰয়ান

    বলীউডৰ পৰা আহিছে বছৰটোৰ সকলোতকৈ ডাঙৰ খবৰ, ধৰ্মা প্ৰডাকছনৰ পৰা ব্লেকলিষ্টেড কাৰ্তিক আৰয়ান

    বলীউড তথা হিন্দী চিনেমাৰ বাবে বছৰটোৰ এক ডাঙৰ খবৰ আহিছে কৰণ জোহৰৰ ধৰ্মা প্ৰডাকছনৰ বেনাৰ সদায়ৰ বাবে নিষিদ্ধ ঘোষণা কাৰ্তিক আৰয়ানক। দোস্তানা-২ ৰ পৰাও খেদা খালে অভিনেতাগৰাকী।

    ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি কাৰ্তিক আৰয়ানে নিজৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে বাৰে বাৰে ছচিয়েল মিডিয়াত নিজৰ বহু মনেসজা কথা কৈ অনুৰাগীক বিভ্ৰান্তি কৰি আহিছিল। দোস্তানা-২ ছবিত স্থান পোৱাৰে পিছৰে পৰা কিছু বেছিকৈয়ে মিছাৰ আশ্ৰয় লৈছিল কাৰ্তিকে।

    আনকি নাম ঘোষণা নোহোৱা এখন ছবিত কাৰ্তিকক মুখ্য চৰিত্ৰত লোৱাৰ লগতে অভিনেত্ৰীৰ বাবেও কাষ্টিং কৰা হোৱা বুলি ছচিয়েল মিডিয়াত সদৰি কৰি দিছিল। পিছে এই বিষয়ে পিচত কৰণ জোহৰে নিজেই টুইট কৰি কয় যে, এয়া সকলো মিছা। এনে ধৰণৰ কোনো কাষ্টিং হোৱা নাই।

    ধৰ্মা প্ৰডাকছনৰ দোস্তানা ছবিত কাম পোৱাৰে পৰা আৰু অধিক মাৰ্কেট ভেল্যু বৃদ্ধি পোৱাত পিছলৈ ধৰ্মা প্ৰডাকছনকে কম গুৰিত্ব দিবলৈ ধৰে কাৰ্তিকে আৰু পিছলৈ ছবিৰ দৃশ্য গ্ৰহণৰ বাবেও সময় নাই বুলি দৃশ্যগ্ৰহণ পিছুৱাই থাকে।

    সেয়ে ধৰ্মা প্ৰডাকছনৰ ফালৰ পৰা জনোৱা অনুসৰি বহু কেইখন বৈঠকৰ অন্তত তেওঁলোকে সিদ্ধান্ত লয় যে, দোস্তানা-২ ছবিত আৰু কাৰ্তিক আৰয়ানক নাৰাখে, লগতে ভৱিষ্যতেও কোনো ছবিৰ বাবে কাষ্টিং নকৰে।

    আৰু পঢ়ক : নাৰায়ণপুৰত কভিড আক্ৰান্ত মহিলাৰ মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং