28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বেজী-সূতাৰে গামোচাত লিপিৱদ্ধ কৰিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ “কৰতল কমল”, গঢ়িলে ৰেকৰ্ড

    বেজী-সূতাৰে গামোচাত লিপিৱদ্ধ কৰিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ “কৰতল কমল”, গঢ়িলে ৰেকৰ্ড। অসম বুকচ অফ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত হ’ল বাক্সাৰ এজন যুৱকৰ নাম।

    নিজৰ শিল্প কৰ্মৰ জড়িয়তে গৌৰৱ আজুৰি আনিলে যুৱকজনে ৷ বাক্সা জিলাৰ বৰিমাখাৰ এইগৰাকী যুৱকৰ নাম জ্যোতিষ শৰণীয়া ৷ পেচাত এগৰাকী শিক্ষক শৰণীয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা “কৰতল কমল” কবিতাটি বেজী আৰু সূতাৰে গামোচাত লিপিৱদ্ধ কৰি এই সন্মান আজুৰি আনিবলৈ সক্ষম হয় ৷

    বৰ্তমান নমাটি এম ই স্কুলৰ শিক্ষক জ্যোতিষ শৰণীয়া সৰুৰে পৰা চিত্ৰ শিল্পৰ প্ৰতি আসক্ত আছিল৷ স্থানীয় বৈদ্যশ্ৰী মিউজিক কলেজৰ পৰা ফাইন আৰ্টচৰ ডিপ্লমা গ্ৰহন কৰা জ্যোতিষ শৰণীয়া বিশেষকৈ প্ৰভান্বিত হৈ আহিছিল মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ জীৱন দৰ্শণৰ প্ৰতি ৷

    ছৱি আকি ভালপোৱা শৰণীয়াই বিদ্যালয়ৰ পৰা উপহাৰ হিচাপে পোৱা গামোছাখনতে লিপিৱদ্ধ কৰিলে মহাপুৰুষ জনাৰ ৰচিত জীৱনৰ প্ৰথমটি কবিতা ৷ তাকো মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে মহাপুৰুষ জনাই ৰচনা কৰা কবিতাটি সূতাৰে লিপিৱদ্ধ কৰিছিল জ্যোতিষ শৰণীয়াই ৷

    পিচত তেওঁৰ সকলো শিল্পকৰ্মৰ তথ্য অসম বুকচ অফ ৰেকৰ্ডলৈ প্ৰেৰণ কৰাত বিভাগটোৱে তেওঁৰ শিল্পকলাক স্বীকৃতি প্ৰদান কৰে ৷ নিজৰ নাম এনেদৰে অসম বুকচ অফ ৰেকৰ্ডত লিপিৱদ্ধ কৰিবলৈ পাই উৎসাহিত হোৱা জ্যোতিষে ভৱিষ্যতে ইণ্ডিয়া বুকচ অফ ৰেকৰ্ডত নিজৰ নাম লিপিৱদ্ধ কৰিবলৈ পৰিকল্পনা কৰা বুলি জানিব দিয়ে ৷

    Input and Photo – Abhijit Talukdar

    আৰু পঢ়ক : ট্ৰান্সজেণ্ডাৰ নিক্কীৰ আচৰিত পৰিৱৰ্তন, পিছে কৰণ জোহৰে হেনো ১ কোটি অফাৰ কৰিলেও ছবিত কাম নকৰে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং