
শ্ৰৱণ কুমাৰৰ পিতৃ-মাতৃ ভক্তিৰ কথা সৰ্বজনবিদিত৷ এইবাৰ ক’বলৈ বিচাৰিছো এজন আধুনিক শ্ৰৱণ কুমাৰৰ কথা৷ নাম তেওঁৰ দক্ষিণামূৰ্তি কৃষ্ণ কুমাৰ৷ মাতৃ সোধাৰ্থনাক তীৰ্থভ্ৰমণ কৰোৱাৰ উদ্দেশ্যে কৃষ্ণই হাতত লৈছে ‘মাতৃ সেৱা সংকল্প যাত্ৰা’। মাতৃৰ তীৰ্থভ্ৰমণ কৰাৰ মনোকামনা পূৰণ কৰিবলৈ নিজৰ বাজাজ স্কুটাৰখনেৰে মাতৃক লৈ ভাৰতৰ প্ৰান্তে প্ৰান্তে গৈছে কৃষ্ণ কুমাৰ৷ ভ্ৰমি ফুৰিছে ভাৰতবৰ্ষৰ ইখনৰ পিছত সিখন তীৰ্থস্থান। এইজন লোকৰ মাতৃভক্তি এতিয়া দেশৰ সৰ্বত্ৰে চৰ্চাৰ বিষয়।
তেওঁৰ ঘৰ কৰ্ণাটকৰ মহীশূৰত। মাতৃৰ প্ৰতি এনে শ্ৰদ্ধা দেখি বিভিন্নজনে ৪০ বছৰীয়া দক্ষিণামূৰ্তি কৃষ্ণ কুমাৰক নাম দিছে ‘শ্ৰৱণ কুমাৰ’। পিতৃৰ বিয়োগৰ পিছত ৭০ বছৰীয়া মাতৃক স্কুটাৰৰ পিছফালে বহুৱাই কৃষ্ণই দেখুৱাইছে ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থস্থানসমূহ। দক্ষিণামূৰ্তি কৃষ্ণ কুমাৰে বিগত ২০১৬ চনৰ ডিচেম্বৰ মাহৰ পৰা বৰ্তমানলৈকে প্ৰায় ৪৯,৪৬২ কিলোমিটাৰ পৰিভ্ৰমণ কৰি বহিঃৰাষ্ট্র ম্যানমাৰ, নেপাল, ভূটান আৰু ভাৰতবৰ্ষৰ প্ৰায় ২৩ খন ৰাজ্যৰ মঠ মন্দিৰ দৰ্শন কৰি ‘মাতৃ সেৱা সংকল্প যাত্ৰা’ অব্যাহত ৰাখিছে ।
কলিযুগৰ শ্ৰৱণ কুমাৰে আজি অসমৰ পৰা অৰুণাচল প্ৰদেশ অভিমুখে আহি তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্ত জাগুনস্থিত দিহিং পাটকাই চাওলুং চুকাফা সমন্বয় টোৰণৰ সমীপত উপস্থিত হোৱাত অঞ্চলটোৰ একাংশ ব্যক্তিয়ে এখনি ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে ভ্ৰমণকাৰী দক্ষিনামূৰ্তি কৃষ্ণ কুমাৰ আৰু মাতৃ সোধাৰ্থনাৰ দীৰ্ঘায়ু কামনা কৰি উক্তস্থানৰ পৰা বিদায় সম্ভাষণ জনায়। তেওঁলোকে বৰ্তমান অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মেও লৈ যাত্ৰা আৰম্ভ কৰিছে৷