অতিথি ৰূপে আহিছিল বিয়া খাবলৈ, কিন্তু যাবৰ সময়ত লৈ গ’ল কইনা

0
1989
অতিথি ৰূপে আহিছিল বিয়া খাবলৈ, কিন্তু যাবৰ সময়ত লৈ গ'ল কইনা
Credit: Daijiworld

অতিথি ৰূপে আহিছিল বিয়া খাবলৈ, কিন্তু যাবৰ সময়ত লৈ গ’ল কইনা

বিবাহৰ সপোন সকলোৰে থাকে। বিবাহৰ বহুতে বহু ধৰণে পৰিকল্পনা কৰে।কিন্তু কৰ্ণাটকত অনুষ্ঠিত হৈছে এক আচৰিত ধৰণৰ বিবাহ।যাৰ চৰ্চা চলিছে এতিয়া সকলোতে।

সকলোকে আচৰিত কৰি বিবাহ খাবলৈ অহা লোকেই দৰা ৰূপে বিবাহ পাশত আৱদ্ধ হ’ল কইনাৰ লগত। কৰ্ণাটকৰ চিকমংগলুৰ জিলাত সংঘটিত হৈছে এই আচৰিত বিবাহ।য’ত দুই ভাতৃৰ একেখন মণ্ডপতে বিবাহ হোৱাৰ কথা আছিল।

বৰযাত্ৰীয়ে কইনাক আনিবলৈ যোৱাৰ কথা আছিল কিন্ত হঠাতে এজন ভাতৃয়ে প্ৰেমিকাক লৈ নিজৰ ঘৰৰ পৰা পলায় সন্ধানহীন হৈ পৰে।

অতিথি ৰূপে আহিছিল বিয়া খাবলৈ, কিন্তু যাবৰ সময়ত লৈ গ’ল কইনা : দেওবাৰৰ সংঘটিত এই কাণ্ডৰ পাছতে সকলো আচৰিত হৈ পৰে। ইফালে কইনাই মণ্ডপত দৰাৰ বাবে অপেক্ষা কৰি থাকে।তেনে সময়তে অতিথি ৰূপত অহা এজন যুৱক কইনাৰ সৈতে বিবাহপাশত বহিবলৈ মান্তি হয়। অৱশেষত লগে লগে দুয়ো পৰিয়ালৰ উপস্থিতিতে বিবাহখন সফলতাৰে সম্পন্ন হৈ যায়।

আৰু পঢ়ক : অৱশেষত সন্ধান ওলাল বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ অমিত ৰাজ দৈমাৰীৰ