বহুকেইগৰাকী তাৰকাৰ সৈতে নাম সাঙোৰ খাইছিল, আঙুঠি পিন্ধোৱাও হৈ গৈছিল…তথাপি প্ৰকৃত প্ৰেম নাপালে কৰিশ্মাই
১৯৯১ চনৰ পৰা আৰম্ভ হৈছিল কৰিশ্মা যুগ। যি যুগত বহু কেইগৰাকী সৌন্দৰ্যৰ ভৰপুৰ অভিনেত্ৰী থকাৰ পাছতো কৰিশ্মাই নিজৰ এক শীৰ্ষ আসন বনাইছিল বলীউডৰ অভিনেত্ৰী সকলৰ মাজত। সেই কৰিশ্মা কাপুৰে আজি ৪৮ বছৰ বয়সত ভৰি দিয়ে।
১৭ বছৰ বয়সতে বলীউডত খোজ দিয়া কৰিশ্মা আছিল কাপুৰ পৰিয়ালৰ প্ৰথম কন্যা যিয়ে অভিনয় জগতত নামিছিল। হু কেইখন হিট ছবিৰে নিজৰ আধিপত্য বিস্তাৰ কৰিছিল বলিউডত। বহু অভিনেতাৰ সৈতেও নাম সাঙোৰ খাইছিল কৰিশ্মাৰ।
পাছে শেষত ব্যৱসায়ীৰ সৈতে বিয়া হৈয়ো সুখকৰ নহয় বৈবাহিক জীৱন। বৰ্তমানে এগৰাকী কন্যা সন্তান আৰু এটি পুত্ৰ সন্তানেৰে সৈতে আছে কৰিশ্মা।
কৰিশ্মা কাপুৰ-অজয় দেৱগান-
কৰিশ্মা কাপুৰ আৰু অজয় দেৱগানৰ সম্পৰ্কৰ বিষয়ে বৰকৈ কথা উলাইছিল এটা সময়ত। বলীউডত প্ৰথমে অজয় দেৱগানৰ সৈতেই নাম সাঙোৰ খাইছিল কৰিশ্মাৰ। দুয়ো একেলগে ‘জিগৰ’ নামৰ চলচ্চিত্ৰত কাম কৰিছিল, সেই চিনেমাৰ পৰাই আৰম্ভ হৈছিল দুয়োৰে প্ৰেম। অৱশ্যে, দুয়োজনে পিছত এৰা এৰি হয়।
কৰিশ্মা কাপুৰ-গোবিন্দা-
কৰিশ্মা কাপুৰৰ অভিনয় জীৱনৰ সবাতোকৈ সুন্দৰ যুটি খাইছিল অভিনেতা গোবিন্দাৰ সৈতে। দুয়ো একেলগে ৮ খন ছুপাৰহিট ছবি দিছিল বলীউডক। সেই সময়ছোৱাতে, গোবিন্দা আৰু কৰিশ্মা কাপুৰৰ সম্পৰ্ক আছে বুলি বু বু বা বা উলাইছিল। অৱশ্যে সেই সময়ত গোবিন্দা বিবাহিত থকাৰ বাবে পাছত দুয়ো দুৰত্ব বজাই চলে।
কৰিশ্মা কাপুৰ-চলমান খান-
কৰিশ্মা কাপুৰ আৰু ছলমান খানৰো যুটি আছিল এসময়ৰ বলীউডৰ অন্যতম হিট যুটি। কৰিশ্মা কাপুৰৰ নাম ছলমান খানৰ সৈতেও জড়িত হৈছিল এটা সময়তক। অৱশ্যে, দুয়োজনে এই সম্পৰ্কৰ বিষয়ে কোনোদিনে কতো কথা পতা নাছিল।
কৰিশ্মা কাপুৰ-অভিষেক বচ্চন-
কৰিশ্মা কাপুৰ আৰু অভিষেক বচ্চনৰ বিষয়ে প্ৰায়ে মাজে মাজে কথা উলাই থাকে। দুয়ো বহুদিন ইজনে সিজনক ডেট কৰিছিল। পৰিয়ালৰ সন্মতিত দুয়োজনে বিয়া হোৱাৰো সিদ্ধান্ত লৈছিল , যাৰ বাবে আঙঠি পিন্ধোৱাও হৈ গৈছিল দুয়োৰে মাজত। কিন্তু পাছত দুয়োৰে কোনো কথাত কৈ মনোমালিন্য হৈ এৰা এৰি হয়।
কৰিশ্মা কাপুৰ-সঞ্জয় কাপুৰ-
অভিনয় জগতৰ কাৰো সৈতে বৈবাহিক সম্পৰ্ক নকৰিলেও কৰিশ্মা কাপুৰে ২০০৩ চনত ব্যৱসায়ী সঞ্জয় কাপুৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। দুয়োৰে এটি পুত্ৰ আৰু এজনী কন্যা সন্তান আছে। অৱশ্যে, বিয়া বেছি দিনলৈ স্থায়ী নহয়ল। কৰিশ্মা কাপুৰ আৰু সঞ্জয় কাপুৰে ২০১৬ চনত বিবাহ বিচ্ছেদ কৰে।
তেতিয়াৰ পৰাই আজি পৰ্যন্ত আৰু কাৰোৰে সৈতে নাম সাঙোৰ খোৱা নাই কৰিশ্মা কাপুৰৰ। বৰ্তমানে অভিনয় জগতৰ পৰা কিছু দূৰত্বত অৱস্থাত কৰে কৰিশ্মাই।