মাত্ৰ ১০ লাখ টকাতে সাজি উলিওৱা কোটি টকীয়া লেম্বৰঘিনি উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

0
142

অসমৰ ড০ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভ কৰিছে এক বিশেষ উপহাৰ। এজন অনুৰাগীয়ে মুখ্যমন্ত্ৰীক উপহাৰ দিছে এখন লেম্বৰঘিনি সদৃশ গাড়ী।

বিশেষ কথাটো হ’ল এই গাড়ীখন ব্যক্তিজনে নিজেই প্ৰস্তুত কৰিছে। উপহাৰ দিয়াজন পেছাত গাড়ীৰ মেকানিক। মাত্ৰ ১০ লাখ ২০ হাজাৰ টকাত তেওঁ এই গাড়ীখন প্ৰস্তুত কৰিছে।

মুখ্যমন্ত্ৰী শৰ্মাই নিজেই গাড়ীখনৰ চালকৰ আসনত বহি উপহাৰ গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাড়ীখনৰ চালকৰ আসনত বহা ভিডিঅ’ বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

তথ্য অনুসৰি, কৰিমগঞ্জৰ বাসিন্দা নুৰুল হক পেছাত এজন গাড়ী মেকানিক। মুখ্যমন্ত্ৰীৰ বাবে তেওঁ বিশেষভাৱে নিজ হাতেৰে এখন লেম্বৰঘিনি সদৃশ গাড়ী সাজি উলিয়াইছিল।

নুৰুলে মাৰুতি চুইফট ডিজাইৰক লেম্বৰঘিনিৰ আকৃতি দিয়ে। এই গাড়ীখন দেখি আচৰিত হৈ পৰে সকলো লোক। গাড়ীখনৰ সন্মুখত অতি উজ্জ্বল লাইট লগোৱা হৈছে।

উল্লেখ্য যে, মঙলবাৰে শিলচৰত অনুষ্ঠিত হৈছিল অসম চৰকাৰৰ কেবিনেট বৈঠক। এই সময়ছোৱাত মুখ্যমন্ত্ৰী শৰ্মা নিশা শিলচৰতে আছিল আৰু তেতিয়াই এই গাড়ীখন উপহাৰ হিচাপে গ্ৰহণ কৰে।

প্ৰতিবেদন অনুসৰি লকডাউনৰ সময়ছোৱাত নুৰুল হকে এই গাড়ীখনৰ ডিজাইনিঙৰ কাম আৰম্ভ কৰিছিল। তেওঁ ১০ লাখ ২০ হাজাৰ টকা খৰচ কৰি এই গাড়ীখন মডিফাই কৰিছে।

নুৰুলে কয় যে এই গাড়ীখন মুখ্যমন্ত্ৰীক উপহাৰ দিয়াটো তেওঁৰ সপোন আছিল আৰু এই গাড়ীখন নিৰ্মাণৰ আঁৰৰ একমাত্ৰ কাৰণো এইটোৱেই।