22.9 C
Guwahati
Thursday, October 21, 2021
More

    চলমান খানৰ পাছত এইবাৰ কৰীণা কাপুৰক বিমান বন্দৰত ৰখালে সুৰক্ষা বাহিনীৰ জোৱানে

    চলমান খানৰ পাছত এইবাৰ কৰীণা কাপুৰক বিমান বন্দৰত ৰখালে সুৰক্ষা বাহিনীৰ জোৱানে

    বলিউদৰ জনপ্ৰিয় অভিনেতা চলমান খানৰ পাছত এইবাৰ অভিনেত্ৰী কৰীণা কাপুৰক মুম্বাই বিমান বন্দৰত ৰখালে কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বল চমুকৈ চিআইএছএফে।

    চিআইএছএফৰ জোৱানে বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীক মুম্বাই বিমান বন্দৰত ৰখোৱাৰ ভিডিঅ’ বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

    ভিডিঅ’টোত বিমান বন্দৰত কৰ্মৰত এগৰাকী চিআইএছএফৰ জোৱানে প্ৰথমে কৰীণা কাপুৰৰ পুত্ৰ জাহাংগীৰ আলি খানক ৰখোৱাৰ পাছতে অভিনেত্ৰী গৰাকীৰ পাছপোৰ্ট পৰীক্ষাৰ কৰাৰ বাবে ৰখাই।

    এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে বহুসংখ্যক লোকে জোৱানজনৰ এই কাৰ্য্যক উচ্চ প্ৰশংসা কৰিছে।

    উল্লেখযোগ্য যে, কৰীণা কাপুৰৰ পূৰ্বে কিছুদিন আগত বলিউদৰ অভিনেতা চলমান খানকো বিমান বন্দৰত সুৰক্ষা কৰ্মীয়ে নিৰাপত্তাৰ খাতিৰত ৰখাইছিল।

    চলমান খানক ৰখোৱা নিৰাপত্তাৰক্ষী জোৱানজনৰ উক্ত কাৰ্য্যক বিভাগটোৰ জ্যেষ্ঠ বিষয়া সকলেও প্ৰশংসা কৰিছিল।

    আৰু পঢ়ক : ঘোষণা হ’ল দুৰ্গা পূজা সম্পৰ্কীয় নতুন SOP, কি কি নতুন নিয়ম….

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং