
টাইমুৰৰ পিছত দ্বিতীয়টো পুত্ৰ সন্তানৰ মাতৃ হ’ল কৰীণা কাপুৰ খান। আজি পুৱা ৪.৪৫ বজাত মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অভিনেত্ৰীগৰাকীক।
২০১৬ৰ ডিচেম্বৰত প্ৰথম সন্তান টাইমুৰৰ জন্মৰ পিছত এইবাৰ ২০২১ৰ ২১ ফেব্ৰুৱাৰীত কৰীণা আৰু ছেইফৰ সংসাৰলৈ আহে দ্বিতীয় সন্তান।
পিছে দ্বিতীয়টো সন্তানো পুত্ৰ হোৱাত ছচিয়েল মিডিয়াত কিছু গুজৱ উঠিছে নামক লৈ। টাইমুৰৰ পিছত টাইমুৰৰ ভাতৃৰ নাম কি হ’ব। কোনোৱে যদি বাবৰ ৰখাৰ বাবে কৈছে কোনোৱে ঔৰংজেৱ ৰখাৰ কথা কৈছে।
উল্লেখ্য যে, এই নতুন সদস্য আগমণৰ লগে লগে অভিনেতা ছেইফ পূৰ্বৰ তিনি সন্তানেৰে সৈতে তিনিটা পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তানে সৈতে মুঠ চাৰি সন্তানৰ পিতৃ হয়।
আৰু পঢ়ক : শোণিতপুৰৰ চাৰিদুৱাৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দঃ এজনক আটক