28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মাতৃ দিৱসৰ দিনাই টাইমুৰৰ সৈতে দ্বিতীয় পুত্ৰকো দেখুৱালে কৰীণা কাপুৰ খানে

    মাতৃ দিৱসৰ দিনাই টাইমুৰৰ সৈতে দ্বিতীয় পুত্ৰকো দেখুৱালে কৰীণা কাপুৰ খানে – মাতৃ দিৱসৰ দিনটোতে মাতৃত্বৰে গৌৰৱাম্বিত কৰীণা কাপুৰ খানে দুয়ো পুত্ৰৰ এখন সুন্দৰ ফটো শ্বেয়াৰ কৰে। জ্য়েষ্ঠ ভাতৃ টাইমুৰৰ কোলাত আলফুলে শুই থকা কনমানি ভাতৃ।

    জন্মৰ পৰা আজিলৈকে দ্বিতীয় পুত্ৰৰ ফটো কতোই স্বেয়াৰ নকৰা কৰীণাই আজিৰ বিশেষ দিনটো নিৰ্বাচন কৰিলে সকলোৰে আগত দুইয়ো পুত্ৰৰ একেলগে ফটো দিয়াৰ। আজি ইনষ্টাগ্ৰাম যোগে এখন কলা-বগা মনোক্ৰোম ফটো শ্বেয়াৰ কৰে কৰীণাই।

    ফেব্ৰুৱাৰী মাহত জন্ম পোৱা কৰীণা আৰু ছেইফ আলী খানৰ দ্বিতীয় পুত্ৰৰ বৰ্তমানলৈকে নাম স্থিৰ কৰা নাই। আজি ফটো শ্বেয়াৰ কৰাক দেখি হয়তো দুই এদিনতে পুত্ৰৰো নাম সদৰি কৰিব পাৰে বুলি অনুৰাগী সকলে কৰণীৰ পোষ্টত মন্তব্য দিছে।

    কৰীণাই ফটো শ্বেয়াৰ কৰাৰ কিছু সময় পিছতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে টাইমুৰৰ সৈতে দ্বিতীয় পুত্ৰৰ ফটো। ফটো শ্বেয়াৰ কৰি কৰীণাই লিখিছে – আজি আশাৰ ওপৰতেই বিশ্বৰ সকলো আছে। আৰু এই দুইয়োয়েই মোক মোৰ সুৰক্ষিত ভৱিষ্যতৰ সপোন দান কৰিছে।

    আৰু পঢ়ক : ইয়াত ক্লিক কৰক- কৰীণাৰ ইনষ্টাগ্ৰাম পোষ্ট চাবৰ বাবে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং