ৰবৰ উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে কাৰ্বিআংলঙৰ জেকৱে…

0
213
ৰবৰ উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে কাৰ্বিআংলঙৰ জেকৱে…

ৰবৰ উৎপাদনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে কাৰ্বিআংলঙৰ জেকৱে

চৰকাৰীভাৱে লোকচান ভৰি থকা এটা ৰবৰৰ উদ্যোগ লিজত লৈ ১২ জন লোকক সংস্থাপন দিয়াৰ লগতে স্ব নিয়োজনৰ পথ মোকলাইছে জেকৱ ৰংফাৰ নামৰ লোকজনে৷ উল্লেখ্য যে, কাৰ্বিআংলং জিলাৰ কহঁৰা ভূমি সংৰক্ষণ বিভাগে ১৯৭২ চনত ৫০ হেক্টৰ ভূমিত ২০ হাজাৰ ৰবৰৰ পুলি ৰুই ৰবৰ উৎপাদনৰ আঁচনি গ্ৰহণ কৰিছিল৷ কিন্তু আঁচনিখনৰ পৰা আশানুৰূপ ফল নাভ কৰিবলৈ সক্ষম নহ’ল বিভাগটো৷ গতিকে ব্যক্তিগত লিজ ব্যৱস্থাৰে অৰ্পন কৰে জেকৱ ৰংফাৰক৷

বিভাগৰ পৰা লিজতলৈ ভূমি সংৰক্ষণ বিভাগে এজোপা গছৰ পৰা দৈনিক আহৰণ কৰা ২৫০ গ্ৰাম আঠাৰৰ ঠাইত বৰ্তমান ৰংফাৰে প্ৰতিজোপা গছৰ পৰা দৈনিক সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে এক লিটাৰ আঠা৷ ১৯৭২ চনতে ৰোপন কৰা গছৰ অৱশিষ্ট থকা ৩৫০০ জোপা গছৰ প্ৰতিজোপাৰ আঠা সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰি লাভৰ মুখ দেখিছে জেকৱে।

দৈনিক সংগ্ৰহ কৰা আঠাৰ পৰা বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে ৰবৰৰ চিট তৈয়াৰ কৰি যোগান ধৰিছে নগাঁও বা গুৱাহাটীৰ বজাৰত৷ জেকৱে প্ৰকাশ কৰা মতে, যদি উপযুক্ত ভূমি থাকে তেনেহলে চৰকাৰী চাকৰিৰ সলনি ৰৱৰ উৎপাদনৰ মাজেৰে উলিয়াব পাৰি সংস্থাপনৰ পথ৷

আৰু পঢ়ক : ১ ফেব্ৰুৱাৰীৰ পৰা অসমবাসীয়ে নাপাব পাৰে বিশুদ্ধ খোৱাপানী…