কংগ্ৰেছৰ পৰা পদত্যাগ কপিল চিব্বালৰ, সমাজবাদী পাৰ্টীৰ পৰা যাব ৰাজ্যসভালৈ

0
96

দেশৰ ৰাজনীতিৰ বাবে এক ডাঙৰ খবৰ। কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা কপিল চিব্বালে আজি সকলোকে হতচকিত কৰি লক্ষ্ণৌত সমাজবাদী পাৰ্টি (এছ পি)ৰ মুৰব্বী অখিলেশ যাদৱ আৰু ৰামগোপাল যাদৱৰ উপস্থিতিত ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে।

মনোনয়ন দাখিল কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল চিব্বালে কয় যে ১৬ মে’ত, মই দলৰ পৰা পদত্যাগ কৰিছো।

তেওঁ কয়, ‘মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল কৰিছো। মোক সমৰ্থন জনোৱা বাবে মই অখিলেশ যাদৱৰ প্ৰতি কৃতজ্ঞ’।

কপিল চিব্বালে কয়, ‘মোদী চৰকাৰৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজিবলৈ সকলোৱে এক হোৱাটো বিচাৰো। আমি বিচাৰো যে ২০২৪ চনত এক পৰিৱেশ সৃষ্টি হওক যাতে মোদী চৰকাৰৰ ত্ৰুটিসমূহ জনসাধাৰণক জনাব পাৰো। আমি বিৰোধী দলত থাকি মিত্ৰতা গঠন কৰিব বিচাৰো যাতে আমি মোদী চৰকাৰক পৰাস্ত কৰিব পাৰো’।

ইফালে সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে জানিবলৈ দি কয় যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল চিব্বালে আমাৰ দলৰ তৰফৰ পৰা ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল কৰিছে। তেওঁ সমাজবাদী পাৰ্টীৰ সমৰ্থনত ৰাজ্যসভালৈ যাব।

অখিলেশ যাদৱে লগতে আন দুখন আসনৰ বাবে অতি শীঘ্ৰে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে।