কপিল শৰ্মা অনুষ্ঠানৰ পুনৰ আগমন, এইবাৰ কপিলৰ দলত দেখা যাব আন এক জনপ্ৰিয় চেহেৰা

0
11157

কপিল শৰ্মা অনুষ্ঠানৰ পুনৰ আগমন, এইবাৰ কপিলৰ দলত দেখা যাব আন এক জনপ্ৰিয় চেহেৰা

দেশৰ জনপ্ৰিয় হাস্যমধুৰ অনুষ্ঠান কপিল শৰ্মা শ্বো ৰ পুনৰ আগমন। এইবাৰ কপিল শৰ্মাৰ দলত আছে পূৰ্বৰ কমেডীয়ান সকলৰ লগতে দেখাযাব আন এক নতুন চেহেৰা। যি চেহেৰা অতিকে জনপ্ৰিয়।

বহু কমেডী অনুষ্ঠানত দেখা পোৱাৰ লগতে বহু বোলছবিতো কাম কৰিছে। সদ্যহতে কপিলে নিজৰ সম্পূৰ্ণ দলটোৰ সৈতে এখন ফটো শ্বেয়াৰ কৰে। যি ফটোত নতুন চেহেৰাই ভুমুকি মাৰে।

ফটোত কপিলৰ লগতে ভাৰতী সিং( Bharti Singh) , চন্দন প্ৰভাকৰ(Chandan Prabhakar) , ক্ৰুষ্ণা অভিশেক(Krushna Abhishek), কিকু শাৰদা(Kiku Sharda)ৰ লগতে দেখা গৈছে দেশৰ অন্য এগৰাকী জনপ্ৰিয় কমেডীয়ান সুদেশ লেহৰী (Sudesh Lehri)।।

সুদেশ লেহৰীৰ আগমনে দলটো আৰু অধিক শক্তিশালী হৈ উঠিব। অৱশ্যে অনুষ্ঠান কেতিয়াকৈ আৰম্ভণি কৰা হব সেই বিষয়ে কোনো ধৰণৰ তথ্যা জানিব পৰা হোৱা নাই , যদিও সুদেশ লেহৰীৰ আগমন নিশ্চিত।

আৰু পঢ়ক : পঞ্জাৱৰ কংগ্ৰেছ দলৰ প্ৰদেশ অধ্যক্ষ নিৰ্বাচিত নৱজোৎ সিং সিদ্ধু