অভিনেতা কপিল শৰ্মাৰ মহানুভৱতা, অসুস্থ হাতীক চিকিৎসা প্ৰদানেৰে কৰি তুলিলে সুস্থ

0
476
অভিনেতা কপিল শৰ্মাৰ মহানুভৱতা, অসুস্থ হাতীক চিকিৎসা প্ৰদানেৰে কৰি
ফটো সৌজন্য়- ইণ্টাৰনেট

অভিনেতা কপিল শৰ্মাৰ মহানুভৱতা, অসুস্থ হাতীক চিকিৎসা প্ৰদানেৰে কৰি তুলিলে সুস্থ

এটা অসুস্থ হাতীক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি  তোলাৰ বাবে ‘পেটা’ৰ প্ৰশংসা লাভ কৰিছে অভিনেতা কপিল শৰ্মাই।

কপিল শৰ্মা শ্ব’ৰে সমগ্ৰ ভাৰতত জনপ্ৰিয় হৈ পৰা কপিল শৰ্মাই কিছুদিন পূৰ্বে এটা অসুস্থ হাতীক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিছিল।

কপিল শৰ্মাৰ এই মহান কাৰ্য্যৰ পাছতে ‘পেটা’ই অভিনেতা গৰাকীৰ এই মহানুভৱতাক উচ্চ প্ৰশংসা কৰে।

“অসুস্থ হাতী সুন্দৰক সহায় কৰাৰ বাবে ধন্যবাদ কপিল শৰ্মা,” শুকুৰবাৰে টুইটাৰত এনেদৰে লিখে সংস্থাটোৱে।

উল্লেখযোগ্য যে, বিগত বৰ্ষত এটা গৰ্ভৱতী হাতীক বোমা ভৰ্তি মাটিকঠাল খুৱাই হত্যা কৰা ঘটনা সন্দৰ্ভতো কপিল শৰ্মাই ন্যায় বিচাৰি এখন আবেদন দাখিল কৰিছিল।

বনৰীয়া জীৱ-জন্তুৰ প্ৰতি অভিনেতা গৰাকীৰ মৰম আৰু মহানুভৱতাৰ বাবে এতিয়া সামাজিক মিডিয়াত অনুৰাগী সকলে প্ৰশংসাৰে ওপচাই পেলাইছে কপিল শৰ্মাক।

আৰু পঢ়ক : তেজপুৰৰ যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য, হত্যাৰ সন্দেহ পৰিয়ালৰ লোকৰ