
শিৱ মন্দিৰত দুৰ্বৃত্তই পেলাই থৈ গ’ল গো মাংস ! ঘটনাক লৈ উতপ্ত পৰিস্থিতি
১৬ জুলাইৰ ৰাতিপুৱা কনৌজ জিলাৰ তালগ্ৰাম আৰক্ষী থানা অঞ্চলৰ ৰাছুলাবাদ গাঁৱত নিৰ্মিত এটা মন্দিৰত কিছুমান দুৰ্বৃত্তই এটা গৰু হত্যা কৰি গৰুৰ কটা মুৰটো হাৱন কুণ্ডৰ ওচৰত পেলাই থৈ গৈছিল ।
মন্দিৰত গো মাংস পেলাই দিয়াৰ প্ৰতিবাদত ঘটনাস্থলীৰ পৰা কিছু দূৰত অৱস্থিত তিনিখন গো মাংসৰ দোকানত জুই লগোৱা হৈছিল ।
পৰিৱেশ ইমানেই অৱনতি হৈছিল যে জিলা প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। এই ঘটনাক লৈ আৰক্ষীয়ে ১৭ জন লোকক আটক কৰিছিল আৰু তাৰ পিছতে ঘটনাৰ মূল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে দিয়া তথ্য অনুসৰি অভিযুক্তজনে কয় যে ৰনবা গাঁৱৰ নিবাসী চঞ্চল ত্ৰিপাঠীৰ লগত তালগ্ৰাম থানাৰ প্ৰভাৰী হৰি শ্যাম সিংহৰ সৈতে সম্পৰ্কো থিক নাছিল ।
চঞ্চল ত্ৰিপাঠীয়ে থানাৰ প্ৰভাৰী হৰি শ্যাম সিংহক লৈ এই ষড়যন্ত্ৰ কৰিছিল। যাতে তেওঁৰ বিৰুদ্ধেআৰক্ষীৰ বিষয়া সকলে কঠোৰ ব্যৱস্থা লয়।
সেয়েহে তেওঁ শিৱ মন্দিৰত এজন গো মাংস কটা মানুহক ১০,০০০ টকাৰ প্ৰলোভন দি এই নিকৃষ্ট কাণ্ডটো কৰিছিল । আৰক্ষীয়ে গো মাংস কটা যুৱকজনৰ লগতে চঞ্চল ত্ৰিপাঠীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে।