কৰ’ণাৰে যুদ্ধত জয়ী হয় ঘৰলৈ উভতিল কণিকা কাপুৰ, ১৪ দিনলৈ কোৱাৰাণ্টাইনতে থাকিব লাগিব

পঞ্চমটো পৰীক্ষাৰ পিছত ষষ্ঠ পৰীক্ষাও নেগিটিভ ওলাইছিল। যাৰ বাবে তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়

0
25

জনপ্ৰিয় গায়িকা কণিকা কাপুৰৰ অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ। কৰ’ণা পজিটিভ পোৱাৰ পিছত ২০ মাৰ্চত লক্ষ্ণৌৰ সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুয়েচন ইনষ্টিটিউট অব মেডিকেল ছাইঞ্চ(PGM)হাস্পতালত ভৰ্তি হোৱা কণিকা কাপুৰ এতিয়া সম্পূৰ্ণভাৱে সুস্থ হৈ উঠিছে। কণিকাৰ আনটো ৰিপ’ৰ্টতো নেগিটিভ পোৱা গৈছে। ইয়াৰ পিছত তেওঁক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হৈছে।

ঘৰলৈ উভতি যোৱাৰ পিছতো কণিকাক সাৱধানতা অৱলম্বন কৰিব দিয়া হৈছে। চিকিত্সকৰ উপদেশ অনুসৰি কণিকা কাপুৰক নিজৰ ১৪ দিনলৈ কোৱাৰাণ্টাইনতে থাকিব লাগিব।উল্লেখ্য যে কণিকা কাপুৰৰ ধাৰাবাহিকভাৱে কেইবাটাও ৰিপ’ৰ্টত পজিটিভ ওলাইছিল। এই পৰীক্ষাসমূহৰ পিছতে গায়িকাগৰাকীৰ পৰিয়ালে যথেষ্ট চিন্তাত ভুগিছিল। কিন্তু চিকিত্সকে কৈছিল যে কণিকা সম্পূৰ্ণ সুস্থ। তেওঁৰ দেহত কৰ’ণাৰ কোনোধৰণৰ লক্ষণ নাই। পঞ্চমটো পৰীক্ষাৰ পিছত ষষ্ঠ পৰীক্ষাও নেগিটিভ ওলাইছিল। যাৰ বাবে তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়।

কণিকা কাপুৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে তেওঁ বিদেশৰ পৰা উভতি অহাৰ পিছত মুম্বাই বিমানবন্দৰত পৰীক্ষা নকৰাকৈ পলায়ন কৰিছিল। তেওঁক ছচিয়েল মিডিয়াত যথেষ্ট ট্ৰোল কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে অসাৱধানতাৰ অভিযোগ উত্থাপন হৈছিল।

Photo credit: indianexpress.com