25.5 C
Guwahati
Friday, July 30, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    টুইটাৰে স্থায়ীভাৱে বন্ধ কৰিলে অভিনেত্ৰী কংগণা ৰানাৱাটৰ একাউণ্ট

    টুইটাৰে অভিনেত্ৰী কংগনা ৰাণাৱটৰ একাউণ্টটো ‘ঘৃণামূলক আচৰণ আৰু আপত্তিজনক আচৰণ’ নীতি উলংঘা কৰাৰ বাবে স্থায়ীভাৱে বন্ধ কৰি দিছে।

    মঙলবাৰে এটা বিবৃতিৰ জৰিয়তে এই কথা জনাই টুইটাৰে।

    ৩৪ বছৰীয়া অভিনেত্ৰীগৰাকীৰ একাউণ্ট ‘এট কংগনা টীম’ এতিয়া ‘একাউণ্ট চাস্পেণ্ডেড’ (একাউণ্ট নিলম্বিত) বুলি আহি আছে।

    উল্লেখ্য যে ৰাণাৱতক উচটনিমূলক মন্তব্যৰে টুইট কৰাৰ বাবে জনাজাত। তেওঁ পশ্চিম বংগত বিজেপিৰ বিৰুদ্ধে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ বিজয় আৰু নিৰ্বাচনোত্তৰ হিংসা সন্দৰ্ভত কেইবাটাও আপত্তিজনক মন্তব্য কৰিছিল।

    ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰ দাবী কৰি অভিনেত্ৰীগৰাকীয়ে হিংসাৰ বাবে বেনাৰ্জীক দোষাৰোপ কৰিছিল আৰু তেওঁ এনেকুৱা নামেৰে সম্বোধন কৰিছিল যিটো প্ৰকাশ কৰিব নোৱাৰি।

    টুইটাৰে এক বিবৃতিত কয়, ‘টুইটাৰৰ নিয়ম, বিশেষকৈ আমাৰ ঘৃণা মূলক আচৰণ নীতি আৰু আপত্তিজনক নীতিক বাৰে বাৰে উলংঘন কৰাৰ বাবে প্ৰসংগযুক্ত একাউণ্টটো স্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে’।

    বিবৃটিতোত কয়, ‘আমি টুইটাৰৰ নিয়মসমূহ একেবাৰে বিচক্ষণ আৰু নিৰপেক্ষ ভাৱে ৰূপায়ণ কৰো’।

    টুইটাৰৰ অপমানজনক নীতি অনুসৰি, ‘এজন ব্যক্তিয়ে আনক হাৰাশাস্তি, ভাবুকি বা আনৰ কণ্ঠস্বৰ ৰোধ কৰিবলৈ লক্ষ্য বা হাৰাশাস্তি বা প্ৰৰোচিত কৰিব নালাগে’।

    টুইটাৰে নীতিটোৰ উদ্ধৃতি দি কয় যে যেতিয়া একাউণ্টটো স্থায়ীভাৱে বন্ধ কৰা হয়, একাউণ্ট ধাৰকক কোৱা হয় যে তেওঁ কি নিয়ম উলংঘা কৰিছে।

    উল্লেখ্য যে লেখক-গীতিকাৰ হুছেইন হাইদাৰীয়ে সোমবাৰে অভিনেত্ৰীগৰাকীৰ দুটা টুইট শ্বেয়াৰ কৰি লোকসকলক কংগণাৰ একাউণ্টটো ৰিপ’ৰ্ট মাৰিবলৈ কৈছিল।

    আৰু পঢ়ক : গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ দৃশ্য, পাষণ্ড পিতৃয়ে কন্যাক নগ্ম কৰি নিৰ্মমভাৱে প্ৰহাৰ, গোপনে কেমেৰাত বন্দী সকলো দৃশ্য

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং