পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে কাঞ্চনজংঘাই

প্ৰথম সপ্তাহত কাঞ্চনজংঘাই উপাৰ্জন কৰিলে ২ কোটি ৯০ লাখ

0
262

দৰ্শকৰ অভূতপূৰ্ব সঁহািৰৰে জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাই মুক্তিৰ প্ৰথমটো সপ্তাহ শেষ কৰি এতিয়া দ্বিতীয় সপ্তাহত ভৰি দিছে। প্ৰথম সপ্তাহত ২.৯ কোটি টকা ব্যৱসায় কৰি এতিয়া সাজু হৈছে দ্বিতীয় সপ্তাহটোৰ বাবে।

দ্বিতীয় সপ্তাহটো আশা কৰা ধৰণে দৰ্শকৰ পৰা সঁহাৰি লাভ কৰিব সেয়া নিশ্চিত বুলি প্ৰকাশ কৰিলে টীম কাঞ্চজংঘাই। দ্বিতীয় সপ্তাহত ছবিখনে মুঠ ১৮৮ টা দৰ্শনী লাভ কৰিছে। অসমবাসীৰ লগতে দিল্লী, বেংগালুৰু, মুম্ৱাই, পুণে, হায়দৰাবাদ আৰু কলকাতাত থকা প্ৰৱাসী অসমীয়াক ধন্যবাদ জ্ঞাপন কৰে কাঞ্চজংঘাৰ টীমটোৱে।

জুবিন গাৰ্গৰ কাঞ্চনজংঘাৰ মুঠ উপাৰ্জন- মুক্তিৰ দিনটোত অৰ্থাৎ ৬ ছেপ্টেম্বৰত ৪০ লাখ, ৭ ছেপ্টেম্বৰত ৪০ লাখ, ৮ ছেপ্টেম্বৰত ৫৯.১ লাখ, ৯ ছেপ্টেম্বৰত ৩৯.৮ লাখ, ১০ ছেপ্টেম্বৰত ৪৪.৫ লাখ, ১১ ছেপ্টেম্বৰত ৩৫.৫ লাখ আৰু ১২ ছেপ্টেম্বৰত ৩১.৪ লাখ টকাৰে মুঠ ২.৯ কোটি উপাৰ্জন কৰে।

Photo credit: jiosaavn.com