মুক্তিৰ দিনাই ৪০ লাখ টকা উপাৰ্জন কাঞ্চনজংঘাৰ, অভিলেখ ভংগ কৰিলে মিছন চাইনাৰ

শুকুৰবাৰৰ দৰেই আজিও ছবিগৃহত দৰ্শকৰ ভিৰ

0
190

উৎকণ্ঠাৰ অন্ত পেলাই মুক্তি পালে জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘা। শুকুৰবাৰে ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি পালে কাঞ্চনজংঘা। মুক্তিৰ প্ৰথম দিনাই কাঞ্চনজংঘাই ভংগ কৰিলে মিছন চাইনাৰ অভিলেখ। ৰাইজৰ সমাদৰ লাভ কৰি মুক্তিৰ দিনাই ৪০ লাখ উপাৰ্জন কৰিবলৈ সক্ষম হয় ছবিখনে।

প্ৰথম দিনটোত ৪০ লাখ টকা উপাৰ্জন কৰি সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হ’ল কাঞ্চনজংঘা। কণ্ঠশিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে ছচিয়েল মিডিয়াযোগে এই কথা প্ৰকাশ কৰে। লগতে পত্নী গৰিমাই অসমবাসীক ৰাইজক ধন্যবাদ জনায়।

ইফালে জুবিন গাৰ্গৰ ফেচবুকৰ অফিচিয়েল একাউণ্টৰ পৰা এই কথা প্ৰকাশ কৰে।

Photo Credit: pragnews.com