
নিয়ম নমনা চিটি বাছৰ বিৰুদ্ধে পুনৰ এবাৰ কঠোৰ হ’ব মহানগৰ প্ৰশাসন
এতিয়াৰে পৰা আইন অমান্য কৰি চিটি বাছ চলোৱা আৰু বাছ আস্থান হিচাপে চিহ্নিত নকৰা স্থানত বাছ ৰখালে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব চিটি বাছৰ চালক।
আনহাতে এতিয়াৰে পৰা মহানগৰীৰ উৰণীয়া সেতুঁৰ ওপৰত কোনো পধ্যেই বাছ ৰখাব নোৱাৰিব।
এই নিয়ম অমান্য কৰা চিটি বাছৰ বিৰুদ্ধে মহানগৰ প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব দিয়ে।
উল্লেখ্য যে বিভিন্ন সময়ত উৰণীয়া সেতুঁৰ ওপৰত চিটি বাছ ৰখোৱাৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।
আনহাতে অতি শীঘ্ৰেই মহানগৰীৰ ৬০ টা বাছ আস্থানক চিহ্নিত কৰি স্থায়ী বাছ আস্থান হিচাপে ফলক লগোৱা হ’ব বুলি জনায়।
চিটি বাছক নাকি লগাবলৈ যান বাহন আৰক্ষী আৰু পৰিবহন বিভাগক এক প্ৰকাৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে উপায়ুক্ত পল্লৱ গোপাল ঝাই।
আৰু পঢ়ক : ইউক্ৰেইনৰ প্ৰত্যুত্তৰত ৬০০০ ৰাছিয়ান সেনাৰ মৃত্যু! এই দাবী জেলেনস্কিৰ