অসম বিধানসভা নিৰ্বাচন যাতে স্বচ্চ আৰু নিকা হয় তাৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন। ইতিমধ্যে জিলা প্ৰশাসনে এই প্ৰসংগত কেইবাটাও কোষ গঠন কৰিছে। শুকুৰবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত অনুষ্ঠিত এখন সভাত মিডিয়া চাৰ্টিফিকেট এণ্ড মনিটৰিং কমিটী চমুকৈ ‘এম চি এম চি’ গঠন কৰা হয়।
নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিছত যাতে কোনো দল তথা প্ৰাৰ্থীয়ে ভোটাৰক আকৃষ্ট কৰাৰ বাবে অথবা প্ৰত্যক্ষ-পৰোক্ষভাৱে প্ৰচাৰ কাৰ্য চলোৱাৰ অৰ্থে সংবাদমাধ্যমক ব্যৱহাৰ কৰিব নোৱাৰে, এই উদ্দেশ্যৰেই গঠন কৰা হৈছে কমিটীখন। সংবাদমাধ্যম তথা ছ’চিয়েল মিডিয়াত চকু দিয়াৰ বাবে গঠন কৰা কমিটীখনত অধ্যক্ষৰ দায়িত্বত থাকিব জিলা উপায়ুক্ত।
”দিন-ৰাতি একাকাৰ কৰি ২৪ ঘন্টাই অধিক সতৰ্ক থাকি এই কোষে কাম কৰিব। ছপা, বৈদ্যুতিন মাধ্যমৰ উপৰি ছ’চিয়েল মিডিয়াকো সুক্ষ্ম পৰ্ষবেক্ষণ কৰিব এই কোষে।” জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। উল্লেখ্য যে, এই কমিটীত থাকিব ৩০-৪০ জনীয়া এটা কোষ, যি সকলো সংবাদমাধ্যম আৰু ছ’চিয়েল মিডিয়াক দিন-ৰাতি ২৪ ঘন্টা নিৰীক্ষণ কৰিব।
আৰু পঢ়ক : অসমৰ জীয়াৰী প্ৰিয়ংকাই চন্দ্ৰলৈ প্ৰেৰণ কৰিব উচ্চপ্ৰযুক্তিৰ বৈজ্ঞানিক পেইণ্টিং