29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ‘ব্যৱসায় বন্ধ’লৈ পূৰ্ণ সমৰ্থন কামৰূপ চেম্বাৰ্চ অফ কমাৰ্চ, অসম জাতীয় পৰিষদৰ

    ২৬ ফেব্ৰুৱাৰীত আহ্বান জনোৱা ‘সদৌ ভাৰত ব্যৱসায় বন্ধ’ক সম্পূৰ্ণৰূপে সমৰ্থন আৰু এদিনীয়া কাৰ্যসূচীটোত পূৰ্ণোদ্যমে অংশ ল’ব বুলি বুধবাৰে ঘোষণা কৰিছে কামৰূপ চেম্বাৰ অফ কমাৰ্চে।

    শেহতীয়া সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) সংশোধনীৰ বিৰোধিতাত সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাই  (Confederation of All India Traders) এই বন্ধ আহ্বান জনাইছে।

    ‘অসমৰ বিভিন্ন জিলাৰ সৰহভাগ চেম্বাৰ অফ কমাৰ্চে এই বন্ধক সমৰ্থন কৰিছে আৰু সেয়ে আমি অসম ৰাজ্যৰ সকলো বাণিজ্য সংগঠন আৰু চেম্বাৰ অফ কমাৰ্চক এই বন্ধ সমৰ্থন কৰিবলৈ অনুৰোধ জনাইছো’, কামৰূপ চেম্বাৰ অফ কমাৰ্চে এক বিবৃতিত এইদৰে কয়।

    সংগঠনটোৱে জিএছটিত কৰা নতুন সংশোধনৰ তীব্ৰ নিন্দা কৰে আৰু চৰকাৰক সিদ্ধান্তটো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়।

    ইফালে নতুনকৈ ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ ঘটা অসম জাতিয় পৰিষদেও বন্ধৰ প্ৰতি সমৰ্থন ঘোষণা কৰিছে।

    দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘যদি জিএছটি সংশোধনী ৰূপায়ণ কৰা হয় তেন্তে ব্যৱসায়ীসকল যথেষ্ট ক্ষতিগ্ৰষ্ট হ’ব’।

    আৰু পঢ়ক : অসমক অশান্ত অঞ্চল ঘোষণা-সামৰিক বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) বলৱৎ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং