বোকাখাতত গঁড় চিকাৰীৰ দাৰ ঘাপত আহত আৰক্ষী বিষয়া

চিকাৰী দলটোৰ মূল অভিযুক্তই কমাৰগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ূৰজ্যোতি গগৈক দাৰে ঘপিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে

0
185

বোকাখাটৰ লখৌজানত মঙলবােৰ নিশা গঁড় চিকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছিল অভিযান। অভিযানকালত চোৰাংচিকাৰীয়ে দাৰে ঘপিয়াই কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ূৰজ্যোতি গগৈক। এই আক্ৰমণত গুৰুৰভাৱে আহত আৰক্ষী বিষয়াগৰাকী।

গোলাঘাটৰ উপ-আৰক্ষী অধীক্ষক সুৰজিত সিং পানেছৰ আৰু কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ নেতৃত্বত এটা অভিযানকাৰী দলে বোকাখাতৰ লখৌজানত এটা গঁড় চিকাৰীক আটক কৰিবলৈ গৈছিল। আৰক্ষীয়ে চোৰাংচিকাৰীৰ দলটো আটক কৰাৰ লগতে এটা 303 ৰাইফল জব্দ কৰিবলৈ সক্ষম হয়। কিন্তু চিকাৰী দলটোৰ মূল অভিযুক্তই কমাৰগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ূৰজ্যোতি গগৈক দাৰে ঘপিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

আহত আৰক্ষীবিষয়াজনক ততালিকে বোকাখাত অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰায়।