25.5 C
Guwahati
Friday, July 30, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ”ৰাজনৈতিক ক্ষেত্ৰৰ পৰা সন্যাস ল’ব লাগিব বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই”

    ”ৰাজনৈতিক ক্ষেত্ৰৰ পৰা সন্যাস ল’ব লাগিব বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই” | এই মন্তব্য ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কমল কুমাৰ মেধীৰ |

    সমাগত নিৰ্বাচনত মন্ত্ৰী হিমন্তৰ সমষ্টি জালুকবাৰীৰ পৰা নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু মেধী | সোমবাৰে বিয়লি বিলাসীপাৰাত এই দৰে গুৰুত্ব পূৰ্ণ মন্তব্য আগবঢ়াইছে ৰাইজৰ দলৰ নেতা গৰাকীয়ে |

    পশ্চিম বিলাসীপাৰা সমষ্টিৰ অন্তৰ্গত নয়াহাট খেলপথাৰত সোমবাৰে বিয়লি অনুষ্ঠিত বিশাল গণ সমাবেশ আৰু যোগদান সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কমল কুমাৰ মেধীয়ে নিৰ্বাচনী ৰণডংকা বজালে |

    আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাইজৰ দলৰ নেতা গৰাকীয়ে ব্যাপক নিৰ্বাচনী তৎপৰতা গ্ৰহন কৰা দেখিবলৈ পোৱা যায় |
    সমাবেশত শাসকীয় বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক কাৰ্যকলাপক তীব্ৰ ভাষাৰে সমালোচনা কৰে |
    তদুপৰি এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ কান্ধত ধৰি মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা প্ৰদ্যুত বৰদলৈকো সমালোচনা কৰে কমল কুমাৰ মেধীয়ে |

    সমাবেশত মেধীৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয় সম্পাদক সম্বিত শৰ্মা, অভিনেত্ৰী তথা দলৰ সম্পাদিকা জেৰিফা ৱাহিদ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট নেতা কৰ্মী |

    দলৰ ধুবুৰী জিলা সমিতিৰ সভাপতি জগন্নাথ ভকতৰ সভাপতিত্বত অনুষ্ঠিত সমাবেশত বৃহৎ সংখ্যক সমৰ্থকক লগত লৈ ৰাইজৰ দলত যোগদান কৰে বিশিষ্ট চিকিৎসক আনেছ আহমেদ |

    লগতে এ আই ইউ ডি এফ আৰু কংগ্ৰেছ দলৰ পৰা প্ৰায় সহস্ৰাধিক নেতা কৰ্মীয়ে আনুষ্ঠানিক ভাৱে ৰাইজৰ দলত যোগদান কৰে |

    আৰু পঢ়ক : অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মুখত ইভিএম টেম্পাৰিঙৰ প্ৰসংগ, ক’লে বাজেটত কি আছে…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং