ডিব্ৰুগড় ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত কল্যাণ দত্তক গ্ৰেপ্তাৰ ! আত্মগোপন কৰি আছিল কল্যাণ দত্তই

0
2676

ডিব্ৰুগড় ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত কল্যাণ দত্তক গ্ৰেপ্তাৰ ! আত্মগোপন কৰি আছিল কল্যাণ দত্তই

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হোষ্টোলৰ ৰেগিং কাণ্ডত জড়িত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ। শনিবাৰে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কল্যাণ দত্তক। আত্মসমৰ্পণ কৰিবলৈ আহোতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কল্যাণক। আনন্দ শৰ্মাৰ ৰেগিং গোচৰৰ অন্যতম অভিযুক্ত আছিল কল্যাণ দত্ত।

শুকুৰবাৰলৈকে আত্মগোপন কৰি আছিলে কল্যাণ দত্তই। শুকুৰবাৰে এটা ফেচবুক লাইভৰ জৰিয়তে নিজকে নিৰ্দোষী বুলি স্পষ্টিকৰণ দিছিল। আৰু আজিৰ দিনটোত ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আহোতেই গ্ৰেপ্তাৰ কৰিছে কল্যাণক।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ সন্দৰ্ভত তদন্ত অব্যাহত আছে। আৰক্ষীৰ জালত পৰিছে ইজনৰ পিছত সিজন অভিযুক্ত। অৱশ্যে এতিয়া লৈকে ঘটনাৰ মুল অভিযুক্ত ৰাহুল ছেত্ৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই।বৰ্তমান লৈকে ৬ জন অভিযুক্তত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে