পদুম এৰি হাতীত উঠিল ভোজপুৰী কুইন কল্পনা পটোৱাৰী

AGP ৰ সাংস্কৃতিক কোষৰ মুৰব্বীৰ দায়িত্ব প্ৰদান কৰিব কল্পনা পাটোৱাৰীক।আগন্তুক নিৰ্বাচনত নামনি অসমৰ যিকোনো এটা সমষ্টিৰ প্ৰাৰ্থী হ'ব পাৰে কণ্ঠশিল্পীগৰাকী।

0
1323

আগন্তুক বিধানসভা নিৰ্বাচন কাষ চপাৰ লগে লগে ৰাজনীতিলৈ ঢাপলি মেলিছে ইজনৰ পাছত সিজন শিল্পীয়ে। বিজেপিৰ ৰজাঘৰ এৰি হাতীত পিঠিত উঠিল জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী।

আজি আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক যোগদান অনুষ্ঠানত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা , কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতত কণ্ঠশিল্পীগৰাকীয়ে দলটোত যোগদান কৰে। আগন্তুক নিৰ্বাচনত নামনি অসমৰ যিকোনো এটা সমষ্টিৰ প্ৰাৰ্থী হ’ব পাৰে কণ্ঠশিল্পীগৰাকী।AGP ৰ সাংস্কৃতিক কোষৰ মুৰব্বীৰ দায়িত্ব প্ৰদান কৰিব কল্পনা পাটোৱাৰীক।

কল্পনা পাটোৱাৰীয়ে পূৰ্বে বিহাৰত অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল। কিন্তু সদ্যহতে অসমলৈ ঘূৰি আহিয়েই অসম গণ পৰিষদত যোগদান কৰে শিল্পীগৰাকীয়ে।

সত্ৰ আৰু শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত অধ্যয়ন কৰি আছে সুকণ্ঠী গায়ীকা কল্পনা পাটোৱাৰীয়ে।দলটোৱে উষ্ম আদৰনি জনাই কল্পনা পাটোৱাৰীক।