
‘সিংঘম’ ত অনন্য অভিনয়েৰে বহু লোকৰ মন জয় কৰিবলৈ সক্ষম হোৱা বলিউডৰ অভিনেত্ৰী কাজল আগৰৱাল অতি শীঘ্ৰে বিবাহ পাশত আৱদ্ধ হ’ব।
ছচিয়েল মিডিয়াৰ জৰিয়তে এই কথা ঘোষণা কৰিছে মোহময়ী অভিনেত্ৰী গৰাকীয়ে।
৩০ অক্টোবৰত আয়োজন কৰা হৈছে বিবাহ অনুষ্ঠানৰ। অভিনেত্ৰী গৰাকীৰ দৰা হৈছে বিশিষ্ট ব্যৱসায়ী গৌতম কিচলু। মুম্বাইত অনুষ্ঠিত হ’ব অভিনেত্ৰীৰ গৰাকীৰ বিবাহ অনুষ্ঠান।
উল্লেখ্য যে, কৰ’ণাৰ পৰিপ্ৰেক্ষিতত বিবাহ অনুষ্ঠানত কেৱল পৰিয়ালৰ লোকহে উপস্থিত থাকিব।
Photo Credit: Youtube