বাদাম খুড়াৰ বিশ্বজয়!, এইসমূহ দেশতো ভাইৰেল “কাঁচা বাদাম”
“বাদাম বাদাম কাঁচা বাদাম/ আমাৰ কাছে নাই কো বুবু ভাজা বাদাম/আমাৰ কাছে আছে শুধু কাঁচা বাদাম….” পশ্চিমবংগৰ বীৰভূমীৰ ভুবন বাদ্যকৰৰ বিখ্যাত এই বাংলা গানৰ কলিয়ে এতিয়া সমগ্ৰ সামাজিক মাধ্যম তোলপাৰ লগাবলৈ সক্ষম হৈছে।
পশ্চিমবংগৰ পাছত অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত ভাইৰেল হৈ পৰা বাদাম বাদাম শীৰ্ষক গানটোৱে ভাৰতৰ পাছত এটিয়া বিদেশৰ মাটিও কঁপাবলৈ সক্ষম হৈছে।
যিসকল লোক সামাজিক মাধ্যম ইষ্টাগ্ৰামৰ সৈতে পৰিচিত সেইসকল লোকে দক্ষিণ কোৰিয়াৰ এহাল মাতৃ আৰু কন্যাক “বাদাম বাদাম” গানৰ তালত নিজৰ ককাল ভঙা প্ৰত্যক্ষ কৰিছে।
দক্ষিণ কোৰিয়াৰ মাতৃ-কন্যাই বাংলা ভাষাৰ ভাইৰেল গানটোত নৃত্য কৰি সেই নৃত্য সামাজিক মাধ্যম ইষ্টাগ্ৰামত শ্বেয়াৰ কৰে আৰু ইয়াৰ পাছতে তেওঁলোকৰ এই নৃত্য ব্যাপকভাৱে ভাইৰেল হৈ পৰে।
অধিকাংশ সামাজিক মাধ্যম ব্যাৱহাৰকাৰীয়ে দক্ষিণ কোৰিয়াৰ মাতৃ-কন্যাৰ নৃত্য ভাইৰেল হৈ পৰাৰ পাছতে দুয়োকে উচ্চ প্ৰশংসা কৰাৰ লগতে পশ্চিমবংগৰ বীৰভূমীৰ ভূবন বাদ্যকৰকো প্ৰশংসা কৰে।
দক্ষিণ কোৰিয়াৰ পূৰ্বে ভূৱন বাদ্যকৰৰ বাদাম বাদাম শীৰ্ষক ভাইৰেল গানটো দক্ষিণ আফ্ৰিকাতো ভাইৰেল হৈ পৰে।
দক্ষিণ আফ্ৰিকাৰ জনপ্ৰিয় সংগীত পৰিচালক ডেভিড স্কটে কাঁচা বাদাম শীৰ্ষক গানটোৰ নতুন ৰিমিক্স ভাৰ্ছন এটা প্ৰস্তুত কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।
ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশতো ভাৰতৰ বাদাম খুড়াৰ “বাদাম বাদাম কাঁচা বাদাম” গানে সামাজিক মাধ্যমত জনপ্ৰিয়তা অৰ্জন কৰিছে।
আৰু পঢ়ক : অ’মিক্ৰণে হ’ব নেকি ক’ভিডৰ শেষ ভেৰিয়েণ্ট!, কি ক’লে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধানে