28 C
Guwahati
Saturday, September 24, 2022
More

    অতিকে শোকাৱহ- ষ্টাণ্ট দেখুৱাই থাকোতেই এগৰাকী কাবাডী খেলুৱৈৰ কৰুণ মৃত্য়ু, কেমেৰাত বন্দী ভয়ংকৰ দৃশ্য

    অতিকে শোকাৱহ- ষ্টাণ্ট দেখুৱাই থাকোতেই এগৰাকী কাবাডী খেলুৱৈৰ কৰুণ মৃত্য়ু, কেমেৰাত বন্দী ভয়ংকৰ দৃশ্য

    এগৰাকী খেলুৱৈৰ বাবে খেল কেনে সেয়া হতো আমাৰ দৰে সাধাৰণ লোকে ভালদৰে বুলি নাপালেও সেই উপভোগ কৰি ৰোমাঞ্চিত হৈ পৰাটো সাধাৰণ কথা। পাছে সেই খেল বিধ খেলোতেই এগৰাকী খেলুৱৈয়ে কিমান কষ্ট কৰিব লগা হয় সেয়া কষ্ট কৰোতাই হে জানে।

    এইবাৰ এগৰাকী কাবাদী খেলুৱৈয়ে ষ্টাণ্ট কৰি দেখুৱাই থাকোতেই অতি শোকাৱহ ভাৱে দুৰ্ঘটনা ঘটি মৃত্যু মুখত পৰে। এই ঘটনা সংঘটিত হৈছে তামিলনাডুৰ থিৰুৱন্নমলাই জিলাত।

    তাত থকা মৰিয়ম্মন মন্দিৰত এক মহোৎসৱৰ আয়োজন কৰা হৈছিল। সেই মহোৎসৱতেই অংশ লবলৈ বুলি নিজৰ কাবাদী দলৰ সৈতে উপস্থিত হৈছিল ৩৪ বৰ্ষীয় বিনোদ কুমাৰ।

    ন্দিৰত উপস্থিত হৈয়ে ঘূৰি ঘুৰি ষ্টাণ্ট কৰিবলৈ আৰম্ভ কৰিছিল বিনোদে। যি দৃশ্য় অন্য এজনে নিজৰ মোবাইলত আৱদ্ধ কৰি গৈছিল। কিন্তু ষ্টাণ্ট কৰি থাকোতেই কোনো এপাকত বেয়াকৈমূৰত আঘাত পাই পৰি যায় বিনোদ।

    লগে লগে নিকট হাস্পতাললৈ লৈ যোৱা হয় বিনোদক। কিন্তু চিকিৎসকে জানিব দিয়া অনুসৰি ষ্টাণ্ট কৰাৰ ফলত ডিঙিত আঘাট পাইছিল যুৱকগৰাকীয়ে। শেষত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় বিনোদে।

    বিনোদ কুমাৰৰ মৃত্যুৰ পাছতে চাৰিওফালে ভাইৰেল হৈ পৰে সেই মোবাইলত আৱদ্ধ হোৱা ভিডিঅটো।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং