“কৰ’ণা টীকাকৰণৰ কাম সমাপ্ত কৰাৰ পাছতেই দেশজুৰি বলৱৎ কৰা হ’ব নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ কা” পিনাৰায়ী বিজয়ন

0
77

“কৰ’ণা টীকাকৰণৰ কাম সমাপ্ত কৰাৰ পাছতেই দেশজুৰি বলৱৎ কৰা হ’ব নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ কা” পিনাৰায়ী বিজয়ন :-

দেশজুৰি কৰ’ণা ভাইৰাছৰ ভয়াবহতা কিছু শাম কাটিছে। দেশবাসীক কৰ’ণা টীকাকৰণ প্ৰদান কৰি থকাৰ সময়তে পুনৰ মূৰ ডাঙি উঠিছে নাগৰিক সংশোধনী আইনে।

২০১৯ চনত চনত সমগ্ৰ ভাৰতৰ লগতে অসম, উত্তৰ-পূৰ্বাঞ্চলত কা বিৰোধী আন্দোলনে ভয়াবহ ৰূপ ধাৰণ কৰিছিল। কা ৰ বিৰোধিতা কৰি অসমৰ ৰাজপথলৈ ওলাই আহিছিল ছাত্ৰসমাজৰ পৰা শিল্পী সমাজ, দল সংগঠনৰ লগতে সাধাৰণ জনতা। অসমৰ ৰাজপথত ভেৰোনীয়া বাহিনীৰ গুলীত ৫ জন শ্বহীদ হৈছিল।

শেহতীয়াকৈ কৰ’ণাৰ ভয়াবহতাই কা বিৰোধী প্ৰতিবাদ কিছু পৰিমানে ক্ষান্ত কৰিছিল যদিও পুনৰ গা কৰি উঠিছে কা বিৰোধী আন্দোলন।

এক মন্তব্য অনুসৰি কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে কয় –” শেহতীয়াকৈ অমিত শ্বাহে কৰ’ণাৰ টীকাকৰণৰ পাছতে দেশজুৰি পুনৰ কা বলৱৎ কৰাৰ কথা প্ৰকাশ কৰিছিল। মই পুনৰবাৰ কৈছো কেৰালাত কোনো পধ্যেই কা বলৱৎ কৰিবলৈ দিয়া নহ’ব।আমি কেৰেলাত এই আইন প্ৰনয়ন কৰিবলৈ অনুমতি নিদিও।”

ইপিনে অসমতো কিছু দল সংগঠনৰ লগতে ছাত্ৰ সমাজে কা বিৰোধী আন্দোলনক লৈ পুনৰ মাত মতা দেখা গৈছে। বিৰোধী পক্ষৰ নেতাসকলেও এই আইন কোনোপধ্যেই অসমত মানি লোৱা নহ’ব বুলি মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

আৰু পঢ়ক : কৃষকৰ হিতৰ বাবে আন্দোলনস্থললৈ ওলাই আহিল মহাত্মা গান্ধীৰ নাতিনী