23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিদ্যালয়ত শিক্ষা প্ৰদানৰ পৰিৱৰ্তে মাটি দখলত ব্যস্ত প্ৰধান শিক্ষক!

    বিদ্যালয়ত শিক্ষা প্ৰদানৰ পৰিৱৰ্তে মাটি দখলত ব্যস্ত প্ৰধান শিক্ষক!

    কোন দিশে গতি কৰিছে অসমৰ শিক্ষা ব্যৱস্থা ৷ বিদ্যালয়ত শিক্ষা প্ৰদান কৰাৰ পৰিৱৰ্তে মাটি দখলত ব্যস্ত এজন প্ৰধান শিক্ষক ৷ কিমান সময়ৰ পৰা শিক্ষা প্ৰদান কৰা হ’ব তাৰো কোনো স্থিৰতা নাই বিদ্যালয় খনত ৷

    বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ। উল্লেখ্য যে প্ৰধান শিক্ষক গৰাকীয়ে মাটি দখলত ব্যস্ত ৷ নগাঁও জিলা জুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত জুৰীয়াৰ মেলাকাধিং আব্দুল খালেক মধ্য ইংৰাজী মাদ্ৰাছাত চলিছে এই ঘটনা ৷

    বিদ্যালয় খনৰ ২ বিঘা ৩ লোচা মাটি বেদখল প্ৰধান শিক্ষকৰ । যাক লৈ বিদ্যালয় পৰিচালনা সমিতি আৰু প্ৰধান শিক্ষকৰ মাজত চলিছে বাক যুদ্ধ ৷

    কোনো কাৰণত মাটি এৰি নিদিয়ে বিদ্যালয়ৰ প্ৰধান শিক্ষকে ৷ ৰাইজৰ অভিযোগ মতে আব্দুল খালেক মধ্য ইংৰাজী মাদ্ৰাছাৰ প্ৰধান শিক্ষক নাজিৰ হুছেইন আৰু তেওঁৰ পৰিয়ালৰ সদস্য সকলে দখল কৰি ৰাখিছে বিদ্যালয়ৰ মাটি খিনি ।

    এই লৈ পৰিচালনা সমিতিক বৃদ্ধা আঙ্গুষ্ঠ প্ৰদান কৰি বিদ্যালয়ৰ মাটি নিজ দখলত ৰাখিছে প্ৰধান শিক্ষক গৰাকীয়ে ৷ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে সাধাৰণ ৰাইজে ইয়াৰ এটা সু ব্যৱস্থাৰ বাবে প্ৰশাসনক অনুৰোধ জনাইছে ৷

    photo and input: ফজলুল হক

    আৰু পঢ়ক : বিহুৰ বন্ধ ঘোষণা কৰিলে কেন্দ্ৰই! কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে ১৫ এপ্ৰিলত বিহুৰ বন্ধ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং