জয়মালাক ওভতাই আনিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অসম চৰকাৰ

0
245

তামিলনাডুৰ এটা বিষ্ণু মন্দিৰত থকা অসমৰ হাতী জয়মালাক ঘূৰাই আনিবলৈ সক্ষম নোহোৱাত এতিয়া অসম চৰকাৰে বিষয়টো সন্দৰ্ভত কাষ চাপিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

অসমৰ প্ৰধান বন সংৰক্ষক এম কে যাদৱে আজি সংবাদ মাধ্যমৰ আগত এই কথা জানিব দি কয় যে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন প্ৰতিবেদন দাখিল কৰিছো এতিয়া মাননীয় আদালতে কি নিৰ্দেশ প্ৰদান কৰে সেয়া লক্ষ্যণীয় হ’ব।

উল্লেখ্য যে, তামিলনাডুত অসমৰ হাতী জয়মালাক তীব্ৰ অত্যাচাৰ চলোৱা হৈছিল বুলি ছ’চিয়েল মিডিয়া তথা সংবাদ মাধ্যমত কিছু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি জয়মালাকে ধৰি আঠটা হাতী কেনে আছে তাক নিৰীক্ষণ কৰিবলৈ অসম চৰকাৰে তামিলনাডুলৈ এটা চাৰিজনীয়া দল প্ৰেৰণ কৰিছিল।

এই দলটোত আছিল অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক হিৰ্দেশ মিশ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ কুশল কোঁৱৰ শৰ্মা, মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন আৰু তিনিচুকীয়া জিলা পশু চিকিৎসা আৰু পশুপালন বিষয়া ডাঃ ৰূপজ্যোতি কাকতি।

এই দলটোৱে ২ ছেপ্তেম্বৰতে তামিলনাডুলৈ গৈছিল যদিও তাৰ চৰকাৰে অনুমতি নিদিয়াৰ বাবে আজি পৰ্যন্ত জয়মালাকে ধৰি আন আঠটা হাতী কেনে আছে সেই বিষয়ে একো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই।

তামিলনাডু চৰকাৰে অনুমতি দিব বুলি আশা প্ৰকাশ কৰিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দলটোৱে এতিয়াও চেন্নাইত বাহৰ পাতি আছে।

অৱশ্যে সদস্য কেইজনে নিজা নিজা সূত্ৰৰ জৰিয়তে অনুসন্ধান কৰি এটা কথা জানিব পাৰিছিল যে তামিলনাডুৰ মন্দিৰত জয়মালা অতি সুস্থ অৱস্থাত আছে।

কিন্তু ১২ দিন উকলি যোৱাৰ পিছতো কোনো সুফল নেদেখাত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে।

ইফালে অসম চৰকাৰে জয়মালাক ওভতাই আনিবলৈ তামিলনাডুলৈ দল প্ৰেৰণ কৰা বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰিছে।