আৰু এজন সাংবাদিক দুৰ্বত্তৰ আক্ৰমণৰ বলি হ’ল ৰাজ্যত। এইবাৰ মাজুলীত এজনক সাংবাদিকক আক্ৰমণ। সাংবাদিক তীৰ্থ ভূঞাক আক্ৰমণ কৰাৰ লগতে জ্যোতিষ তামুলী, যদুমণি শইকীয়া আৰু ৰিদিপ বৰা নামৰ সাংবাদিককেইজনক প্ৰাণে মৰাৰ ভাবুকি দিয়ে দুৰ্বৃত্তকেইটাই।
উল্লেখ্য যে ৩ দিন পূৰ্বে দেউৰী স্বায়ত্ত পৰিষদৰ দুৰ্নীতিৰ বাতৰি পৰিৱেশ কৰিছিল সাংবাদিককেইজনে। মনে সাজি বাতৰি পৰিৱেশন কৰা বুলি বৃহস্পতিবাৰে সাংবাদিককেইজনক বাট আগচি ধৰি তীৰ্থ ভূঞাক আক্ৰমণ কৰে কেইটামান দুৰ্বৃত্তই। আৰু এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সোধা-পোছাৰ বাবে ৭জনক আটক কৰি অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।