26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    জুৰীয়াত উত্তপ্ত পৰিস্থিতি! সাংবাদিকক আক্ৰমন পঞ্চায়তৰ সভাপতি আৰু গুণ্ডাবাহিনীৰ

    জুৰীয়াৰ বগুৰিগুৰি পঞ্চায়তত উত্তপ্ত পৰিস্থিতি। সাংবাদিকক আক্ৰমন পঞ্চায়ত সভাপতি ৰিয়াজুল হক আৰু ভেৰোণীয়া গুণ্ডাবাহিনীৰ।

    বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁত কৰে আক্ৰমন। শিবেন্দু বৰা,ৰাব্বুল হছেইন,খাইৰুল ইছলাম,তমিজ উদ্দিন,ৰেজাউল ইছলাম আৰু কেবাজনো সাংবাদিকক খেদি খেদি আক্ৰমন কৰে।

    উল্লেখ্য যে পঞ্চায়তটোত দুৰ্নীতিৰ তদন্ত কৰিবলৈ আজি উপস্থিত হৈছিল নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া।সাংবাদিকক কেমেৰা অফ কৰিবলৈ ধমক প্ৰদান বিষয়া গৰাকীৰ।

    সাংবাদিকৰ কোনো প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ এক প্ৰকাৰ পলায়ন কৰে বিষয়া গৰাকী। সাংবাদিকক আক্ৰমন কৰা ঘটনা সন্দৰ্ভত জুৰীয়া আৰক্ষী থানাত গোছৰ ৰুজু কৰা হৈছে ৷

    ইনপুট; ফজলুল হক

    আৰু পঢ়ক : ৬ মাহ ধৰি খালী হৈ আছে সুশান্তৰ ফ্লেট, কোনোৱে ভাড়াত ল’ব নিবিচাৰে…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং