28 C
Guwahati
Saturday, September 18, 2021
More

    বন্ধ আন্ত:জিলা যাতায়ত, সীমা পাৰ হৈ ৰোগীক চিকিৎসালয়লৈ নিয়াত বাধা প্ৰশাসনৰ, মৃৃত্যু…

    বন্ধ আন্ত:জিলা যাতায়ত, সীমা পাৰ হৈ ৰোগীক চিকিৎসালয়লৈ নিয়াত বাধা প্ৰশাসনৰ, মৃৃত্যু…

    ক’ভিডৰ বাবে চৰকাৰে ঘোষণা কৰা SOP অনুসৰি আন্ত জিলা যাতায়ত বন্ধ আছে। তেনে পৰিপ্ৰেক্ষিতত যোৰহাট আৰু শিৱসাগৰৰ জিলাৰ সীমামূৰীয়া চিন্তামণীগড় আৰু ১ নং চিন্তামণিগৰ গাঁওৰ মাজত বাঁহৰ দ্বাৰা যোৰহাট জিলা প্রশাসনে বন্ধ কৰি ৰাখিছিল।

    ইয়াৰ মাজতে ১নং চিন্তামণীগড়ৰ মোলাৰাম গায়ন (৪৮) নামৰ ব্যক্তিজন আজি কিছুদিনৰ পৰা ৰোগত আক্ৰান্ত হৈ আছিল ৷ অভিযোগ অনুসৰি আজি ৰোগী জনৰ স্বাস্থ্য কিছু জটিল হোৱাত চিকিৎসালয়লৈ বুলি ৰোগী জন পৰিয়ালৰ লোকে লৈ অহাৰ সময়তে সীমাত থকা বাঁহৰ ওচৰত ৰোগীজনক পাৰ কৰি নিবলৈ প্ৰথম অবস্থাত প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনীয়ে বাধা প্ৰদান কৰে।

    কিছু পলমকৈ বহু ৰোগী জনক যাবলৈ দিয়াত ৰোগী জন চিকিৎসালয় পোৱাৰ আগতেই মৃত্য হয় ৷ ৰোগীজন মৃত্যু হোৱাৰ লগে লগেই ৰাইজ উত্তপ্ত হৈ পৰে আৰু বাঁহৰ বেৰ জ্বলাই পেলোৱা লগতে যোৰহাট জিলা প্ৰশাসন মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰে পৰিবেশ।

    ইনপুট: শান্তি বৰা

    আৰু পঢ়ক : এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ পেট্ৰ’ল ঢালি কৰিলে আত্মহত্যা, চুইচাইড নোটত বিস্ফোৰক কাৰণ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং