26 C
Guwahati
Thursday, September 16, 2021
More

    সাংসদ তপন কুমাৰ গগৈৰ মহানুভৱতা, অতি শীঘ্ৰেই ঘৰলৈ উভতিব শিৱসাগৰৰ ঋতুমণি, সুস্থ হৈ উঠিছে ক্ৰমাৎ

    সুস্থ হৈ উঠিছে দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ থকা শিৱসাগৰ জিলাৰ হাঁহচৰা বোকানগৰ সন্দিকৈ গাঁৱৰ ঋতুমণি হাজৰিকা নামৰ যুৱতী গৰাকী। ঋতুমণিক যোৱা ২০ জুনত সাংসদ তপন কুমাৰ গগৈৰ নেতৃত্বত ব্ৰহ্মপুত্ৰ নাৰ্ছিহোমত ভৰ্তি কৰোৱা হৈছিল।

    উল্লেখ্য যে, প্ৰায় ২ বছৰ ধৰি বিচনাতে আছিল ঋতুমণি। খোজ কাঢ়িব পৰা নাছিল, পিন্ধিব পৰা নাছিল কাপোৰ। কিন্তু পৰিয়ালৰ আৰ্থিক অৱস্থা বেয়া হোৱাৰ বাবে পৰ্যাপ্ত চিকিৎসাৰ পৰা বঞ্চিত হৈছিল ঋতুমণি।

    তাৰপিছতেই ঋতুমণিক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ । সাংসদ গৰাকীৰ মহানুভৱতাত এতিয়া ক্ৰমাৎ সুস্থ অৱস্থালৈ ঘূৰি আহিছে ঋতুমণি। প্ৰতিদিনেই চিকিৎসকৰ পৰা ঋতুমণিৰ খবৰ লৈ আছে সাংসদ তপন কুমাৰ গগৈয়ে।

    উল্লেখযোগ্য যে,কালি ব্ৰহ্মপুত্ৰ নাৰ্চিংহমত উপস্থিত হৈ ঋতুমণিক লগ কৰে সাংসদ গগৈয়ে। ইয়াৰ পাছতেই ছচিয়েল মিডিয়াত তপন কুমাৰ গগৈয়ে লিখিছে যে,“জটিল ৰোগত আক্ৰান্ত হৈ ঘৰৰ বিচনাখনেই একমাত্ৰ সাৰথি হোৱা হাঁহচৰা সন্দিকৈ গাঁৱৰ মেধাৱী ছাত্ৰী ঋতুমণি হাজৰিকাক যোৱা ২০ জুনত চিকিৎসাৰ বাবে ব্ৰহ্মপুত্ৰ নাৰ্চিংহমত ভৰ্তি কৰাইছিলো। চিকিৎসাধীন হৈ থকা ঋতুমণিৰ স্বাস্থ্যৰ খবৰ প্ৰতি মূহুৰ্ততে ৰাখিছিলোঁ।আজি চিকিৎসালয়খনত উপস্থিত হৈ ঋতুমণিৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসক আৰু ঋতুমণিৰ পৰিয়ালৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰিলোঁ।ঋতুমণি সুস্থ হৈছে, কেইদিনমানৰ পাছতে ঋতুমণি চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহিব।”

    আৰু পঢ়ক : মৃতদেহৰ লগত কৰিছিল ধৰ্ষণ, আৰক্ষীৰ গুলিত আহত হৈ এতিয়া চিকিৎসাধীন নৰপিশাচ পাঠা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং