
২০১৮ অভি-নীল, ২০১৯ দেবেন দত্ত, ২০২১ অনিমেশ ভূঞা…সহায় কৰিবলৈ গৈয়ে কাল হৈ পৰিল! ১০ লোকক গ্ৰেপ্তাৰ, স্তব্ধ যোৰহাট
২০১৮ অভি-নীল, ২০১৯ দেবেন দত্ত, ২০২১ অনিমেশ ভূঞা…সহায় কৰিবলৈ গৈয়ে কাল হৈ পৰিল! ১০ লোকক গ্ৰেপ্তাৰ, এক প্ৰকাৰ স্তব্ধ উজনি অসমৰ অন্যতম চহৰ যোৰহাট। আজি ৩০ নৱেম্বৰ মঙলবাৰে পুৱা ১০ বজাত যোৰহাটত অনুষ্ঠিত হব এক বিক্ষোভ কাৰ্যসূচী।
যোৰহাট নগৰৰ মাজমজিয়াত সংঘটিত হোৱা ছাত্ৰ নেতাৰ নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদ আৰু হত্যাকাণ্ডটোৰ লগত জড়িত প্ৰতিগৰাকী দোষীক অনতিপলমে কৰায়ত্ব কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কঠোৰতকৈয়ো কঠোৰ প্ৰদানৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সৌজন্যত এই বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত হব।
স্কুটি চলাই আহি পথত বাগৰি পৰা মোহন দাস নামৰ এগৰাকী বয়সীয়াল ব্যক্তিক দুই বন্ধুসহ সহায় কৰিবলৈ গৈছিল অনিমেশ। কিন্তু সুৰাসক্ত হৈ অহা বুলি অভিযোগ উঠা উক্ত ব্যক্তিজনে অনিমেশহতৰ সৈতে কাজিয়াত লিপ্ত হৈ একাংশ যুৱকক ঘটনাস্থলীলৈ মাতি দিয়ে। আৰু যুৱকৰ দলটো ঘটনাস্থলীত উপস্থিত হৈ অনিমেশৰ লগতে দুই বন্ধুক উপৰ্যুপৰি প্ৰহাৰ কৰে। আৰু উন্মাদ যুৱকৰ দলটোৰ আক্ৰমণত দুৰ্ভাগ্যজনক ভাবে মৃত্যুক আঁকোৱালি লয় ছাত্ৰনেতা অনিমেশ ভূঞাই।
উল্লেখ্য যে , এই ঘটনা সংঘটিত হোৱা স্থানৰ পৰা ৩০-৪০ মিটাৰ নিলগতে আছিল দুটাকৈ পুলিচ পইণ্ট। সেই সময়ত আৰক্ষীয়ো কৰ্তব্যৰত অৱস্থাতে আছিল। আনহাতে এই মাৰপিটৰ ঘটনা সংঘটিত কৰা যুৱকৰ দলটোত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী থকাৰ কথাও পোহৰলৈ আহিছে।
ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰে জড়িত থকাৰ অভিযোগত ১০জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ উচ্চপদস্থ বিষয়া জি পি সিঙে এই বিষয়ে জানিবলৈ দিয়ে।
আনহাতে ঘটনাটো সংঘটিত হোৱাৰ পিছতে বৰ্তমানে সম্পূৰ্ণৰূপে স্তব্ধ যোৰহাটৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ। নিৰ্মল চাৰিআলিৰ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ বন্ধ ৰাখিছে ব্যবসায়ী সকলে।
কিছু সময়ৰ পিছতেই সদৌ অসম ছাত্ৰ সন্থাৰ বৃহৎ কাৰ্যসূচী। ইতিমধ্যে যোৰহাট আৰু গোলাঘাটত হাইএলাৰ্ট জাৰি।
আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰ্দেশনা জাৰি কৰে অসম আৰক্ষীয়ে। যোৰহাটত উপস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ শীর্ষ প্ৰতিনিধি।
অনিমেশ ভূঞা গোলাঘাট জিলা ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদকৰ দায়িত্বত আছিল।
আৰু পঢ়ক : যোৰহাট প্ৰশাসনৰ লোক নাহিলে হত্যাকাণ্ড স্থলীতে অনিমেশ ভূঞাৰ মৃতদেহ সৎকাৰৰ হুংকাৰ ৰাইজৰ