15 C
Guwahati
Saturday, January 22, 2022
More

    যোৰহাট বৰ্বৰ কাণ্ড! উন্নত চিকিৎসাৰ বাবে GMCH ত ভৰ্তি মৃদুস্মন্ত বৰুৱা আৰু প্ৰনয় দত্তক

    গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ অনা হৈছে যোৰহাটৰ মৃদুস্মন্ত বৰুৱা আৰু প্ৰনয় দত্তক।যোৰহাট মেডিকেল কলেজৰ পৰা উন্নত চিকিৎসাৰ বাবে জিএমচিএইচ লৈ অনা হৈছে দুয়োজনকে।

    জিএমচিএইচত অসম চৰকাৰৰ তৰফৰ পৰা সম্পুৰ্ণ বিনামূলীয়াকৈ কৰা দুয়োগৰাকীৰ চিকিৎসা। বৰ্তমান পেয়িং কেবিনত ৰাখি কৰা হ’ব দুয়োগৰাকীৰ চিকিৎসা।

    উল্লেখ্য যে, ২৯ নৱেম্বৰত যোৰহাটত সংঘটিত হোৱা বৰ্বৰ কাণ্ডত গুৰুতৰভাৱে আহত হৈছিল মৃদুস্মন্ত বৰুৱা আৰু প্ৰনয় দত্ত। ইতিমধ্যে এই গনপ্ৰহাৰৰ ঘটনাত প্ৰাণ হেৰুৱাইছে অনিমেষ ভূঞাই।

    এই গনপ্ৰহাৰৰ লগত জড়িত ১৩ জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে মূল অভিযুক্ত নীৰজ দাসৰ আৰক্ষীৰ গাড়ীৰ খুন্দাত মৃত্যু হয়।বাকী ১২ অভিযুক্তক কেইগৰাকীমানক ন্যায়িক জিম্মা আৰু বাকী কেইজনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

    আৰু পঢ়ক : অমিক্ৰণৰ সন্দেহত ১২ গৰাকীক ভৰ্তি এল এন জে পি হাস্পতালত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং