যোৰহাট-মাজুলী সংযোগী বহু প্ৰত্যাশিত দলং নিৰ্মাণ কামৰ আজি শুভাৰম্ভণি কৰিব মুখ্যমন্ত্ৰী শৰ্মাই

0
587
যোৰহাট-মাজুলী সংযোগী বহু প্ৰত্যাশিত দলং নিৰ্মাণ কামৰ আজি শুভাৰম্ভণি
Photo Credit: Time8

যোৰহাট মাজুলী সংযোগী বহু প্ৰত্যাশিত দলং খনৰ নিৰ্মাণ কাৰ্য ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আজি শুভাৰম্ভণি কৰাৰ খবৰ পোৱাৰ লগে লগেই নদী দ্বীপ মাজুলী বাসীৰ সমান্তৰালকৈ উৎফুল্লিত হৈ পৰিছে বৃহত্তৰ জাঁজী মুখ অঞ্চলৰ ৰাইজ।

যোৰহাট মাজুলী সংযোগী দলং খনৰ এটা মূৰ নদী দ্বীপ মাজুলীৰ দক্ষিণপাট সত্ৰত আৰু আনটো মূৰ টীয়কৰ জাঁজী মুখৰ হাতীশালত।

দলংখন সম্পূৰ্ণ হৈ উঠাৰ লগে লগেই বহুদিনৰ আশা পুৰণ হোৱাৰ লগতে এক নতুন দিনৰ সূচনা হৈছে আজিৰ এই বিশেষ দিনটোৰ পৰাই।

বহি: সংযোগ ঘটিব যোৰহাট মাজুলীৰ লগতে লক্ষিমপুৰ, ধেমাজীৰ সৈতে। নদী দ্বীপ মাজুলী বাসীৰ লগতে টীয়কৰ বৃহত্তৰ জাঁজী মুখ অঞ্চলৰ ৰাইজৰ মাজত এতিয়া আনন্দ দেখিবলৈ পোৱা গৈছে।

উৎপাদিত সামগ্ৰীৰ লগতে শিক্ষা,যাতায়ত আদিত প্ৰচুৰ সম্ভাৱনাই দেখা দিছে দলং‌ খনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ লগে লগে। ইয়াৰ উপৰিও পৰ্যটনৰ ক্ষেত্ৰত মাজুলীৰ লগতে টীয়কৰ জাঁজী মুখত এক নতুন দিনৰ সুচনা হ’ব।

ইনপুট:শান্তি বৰা

আৰু পঢ়ক : ৬ বছৰীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ শিক্ষক