27 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    এণ্টিভাইৰাছ ছফ্টৱেৰ কোম্পানীৰ প্ৰতিষ্ঠাপক জন মেকএফিৰ জেইলত মৃত্যু

    এণ্টিভাইৰাছ ছফ্টৱেৰ কোম্পানীৰ প্ৰতিষ্ঠাপক জন মেকএফিৰ জেইলত মৃত্যু

    উৎকৃষ্ট প্ৰযুক্তি উদ্যোগী আৰু এণ্টিভাইৰাছ ছফ্টৱেৰ কোম্পানীৰ প্ৰতিষ্ঠাপক জন মেকএফিয়ে স্পেনিছ কাৰাগাৰত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ।

    মেকএফিক বুধবাৰে আবেলি স্পেইনৰ বাৰ্চিলোনাৰ ব্ৰিয়ানচ ২ কাৰাগাৰত থকা তেওঁৰ চেলত মৃত অৱস্থাত পোৱা গৈছিল।

    মেকএফিৰ অধিবক্তা জেভিয়েৰ ভিলালবাই ৰয়টাৰক কৈছিল যে তেওঁৰ মক্কেলৰ আত্মহত্যাৰ ফলত মৃত্যু হৈছিল।

    চিএনবিচিয়ে এটা প্ৰতিবেদন কৈছে যে স্পেইনৰ এখন আদালতে মেকএফিক আমেৰিকালৈ প্ৰত্যাৰ্পণৰ অনুমোদন দিয়াৰ কেইঘণ্টামান পিছতে তেওঁৰ মৃত্যু হয়।

    মেকএফি আমেৰিকাত কৰ সম্পৰ্কীয় অপৰাধমূলক অভিযোগত অভিযুক্ত।

    স্পেনিছ বাতৰি কাকত এল মুণ্ডোৱে কাতালান ন্যায় বিভাগৰ উদ্ধৃতিৰে এইটোও প্ৰকাশ কৰিছে যে কাৰাগাৰৰ চিকিৎসা বৃত্তিধাৰীসকলে তেওঁক পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা কৰিছিল।

    উল্লেখ্যে যে তেওঁ ২০২০ চনৰ অক্টোবৰৰ পৰা কাৰাৰুদ্ধ হৈ আছিল।

    আৰু পঢ়ক : বিপদ সমাগত! উচ্চ ন্যায়ালয়ৰ ৰোষত এইগৰাকী বিধায়ক, কিয়নো জানি বুজি কৰিছে এই কাম

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং